গুৱাহাটীঃ অসম মীন উন্নয়ন নিগমৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল।

উন্নয়নৰ নামত অহা কোটি টকা অসম মীন উন্নয়ন নিগমৰ কেইবাগৰাকীয়ো অভিযন্তাই হৰলুকী কৰাৰ অভিযোগ ।

অসম মীন উন্নয়ন নিগমৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়াৰ নেতৃত্বত হিচাব বিষয়া তাৰিণী ডেকা, সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া আৰু বিৰিঞ্চি অধিকাৰীৰ নেতৃত্বত প্ৰায় ছয় কোটিতকৈ অধিক ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

লগতে পঢ়কঃলখিমপুৰ জিলাৰ ধলঘাট ভীমপৰাৰ পৰা কিশোৰী সন্ধানহীন

অসম চৰকাৰৰ ৰাজহ, অসমৰ ৰাইজৰ কোটি কোটি টকা আত্মসাৎ কৰা বিষয়া-অভিযন্তা সকলৰ বিৰুদ্ধে যোৱা ২জানুৱাৰীত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদে । সেই সন্দৰ্ভত বৰ্তমান মুহুৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে।

গতিকে সমগ্র বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply