সোণাৰিঃ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম বন্ধ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ নদী বান্ধ সমূহ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়কঃতেজপুৰত আৰক্ষী জোৱানৰ পাশৱিক অত্যাচাৰত মৃত্যু বনকৰা কিশোৰীৰ
সোণাৰিস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা এই ধৰ্ণা কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত সমিতিসমূহৰ অৰ্ধ শতাধিক নেতা কৰ্মীয়ে বিজেপি চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম বন্ধ কৰক আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তুলে।