লখিমপুৰ,ধেমাজিঃ বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰত নগৰৰ খেলমাটিত আৰু ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত ইংৰাজীত পাঠদান কৰাৰ চৰকাৰী সিদ্ধান্ত বাতিল কৰা, প্ৰতিটো শ্ৰেণীৰ বিপৰীতে এজনকৈ শিক্ষক নিয়োগ কৰা, বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠানৰ পৰা সকলো চৰকাৰী বিদ্যালয়ত শিক্ষা বিনামূলীয়া কৰাৰ দাবীত পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

চৰকাৰী সিদ্ধান্তই অসমীয়া ভাষাৰ প্ৰতি সংকট নমাই আনিব বুলি ক্ষোভ প্রকাশ কৰি চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। অন্যথা পৰিষদে ধাৰাবাহিক আন্দোলন চলাই যাব বুলি সকীয়াই দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে। প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰে শিক্ষা বিভাগৰ এই সিদ্ধান্ত বাতিল দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply