নলবাৰী : নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। বৃহৎ নদীবান্দৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহবান মৰ্মে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।উত্তৰ অসমৰ ৰাইজৰ জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বৃহৎ নদীবান্ধ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে সাব্যস্ত প্ৰতিবাদ।
লগতে পঢ়ক : জুৰীয়াত শহুৰেকৰ ঘৰত জোৱায়েকক ডিঙি ৰেপি হত্যাৰ চেষ্টা
কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে বৃহৎ নদীবান্ধ বন্ধৰ দাবী তুলি সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগ উত্তাল কৰি তোলে।