পল্লব মিলি, লখিমপুৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰ চহৰৰ মাজমজিয়াত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে এনএইচপিচি বিৰোধী প্ৰতিবাদ সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে এনেদৰে লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰিছে এজেৱাইচিপিয়ে।
উল্লেখ্য যে, কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে ‘বহিঃ ৰাষ্ট্ৰৰ ধনেৰে চলিছিল NHPC বিৰোধী প্ৰতিবাদ’ বুলি মন্তব্য কৰিছিল। এই বিতৰ্কিত মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে এতিয়া যুৱ ছাত্ৰ পৰিষদ।
ইফালে, কেন্দ্ৰীয় শক্তি মন্ত্ৰী সিঙৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদৰ জৰিয়তে দ’ল-সংগঠনে টকা লোৱাৰ তথ্য প্ৰমান দিয়াৰ দাবীও জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।