উত্তৰ লখিমপুৰঃ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ সমুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।

কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ সংগঠনটোৰ কৰ্মীসকল।

প্ৰতিবাদকাৰীসকলে দাহ কৰিলে NHPC কৰ্তৃপক্ষৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি।

লগতে পঢ়কঃভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰা চক্ৰৰ মাষ্টাৰমাইণ্ড ছফিকুল ইছলামক গ্ৰেপ্তাৰ

বিজেপি চৰকাৰ শাসনলৈ আহিলে কেৱল নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয় উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মাণ হৈ থকা বৃহৎ প্ৰকল্প সমূহ বন্ধ কৰি দিয়াৰ আশ্বাস দিছিল বিজেপিয়ে।

কিন্তু এতিয়া বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতো ২০১৪চনৰ পূৰ্বে দল-সংগঠন সমূহৰ লগত দিয়া প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

বৃহৎ নদীবান্ধে আগন্তুক দিনত ৰাইজৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply