গুৱাহাটী : অৱশেষত বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰৰ বৃদ্ধ দম্পতীৰ হত্যাকাৰী চিনাক্ত। কেয়াৰ টেকাৰ আকাশ চৌধুৰীয়ে হত্যা কৰিছিল বৃদ্ধ দম্পতীক। ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে আকাশ চৌধুৰীয়ে।

বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ হত্যাকাৰী আকাশ চৌধুৰী বুলি অৱশেষত পোহৰলৈ আহিল। হত্যাকাণ্ডৰ পিছৰে পৰা আকাশ চৌধুৰীয়ে হত্যাকাণ্ডৰ কথা অস্বীকাৰ কৰি আহিছিল।

আৰক্ষী আয়ুক্ত হৰমিত সিঙে আকাশ চৌধুৰীয়েই হত্যা কৰা বুলি প্ৰকাশ কৰিছিল যদিও অভিযুক্ত আকাশে আৰক্ষীৰ আগত স্বীকাৰ কৰা নাছিল।

বৃহস্পতিবাৰে নিশাৰ ভাগত ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে বশিষ্ঠ থানাত আকাশ চৌধুৰীক জেৰা চলায়। ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত অৱশেষত আকাশ চৌধুৰীয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে।

আকাশ চৌধুৰীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে এতিয়াও বহু কথা পোহৰলৈ অহা নাই। আকাশ চৌধুৰীয়ে কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে এইয়া এতিয়াও পোহৰলৈ অহা নাই।

লগতে পঢ়ক : ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত এজন যুৱক

ইফালে বৃদ্ধ দম্পতীৰ হত্যাকাৰী আকাশ চৌধুৰীৰ পত্নী পুতু দাসকো ক্ৰাইম ব্ৰাঞ্চৰ দলে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। চন্দন নগৰৰ ননী বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱাক শোৱাপাটীতে নৃশংসভাৱে হত্যা কৰা হৈছিল।বৃদ্ধ দম্পতীৰ দুই কন্যা বাহিৰত থকাৰ বাবেই আকাশে কেয়াৰটেকাৰ হিচাবে দায়িত্ব পালনৰ মাজতে এই ভয়ানক পৰিকল্পনা কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply