মাতৃৰ কাষত উপস্থিত হ'ল অখিল গগৈ

সুদীৰ্ঘ ডেৰ বছৰৰ পিছত মাতৃৰ কাষত উপস্থিত হ’লগৈ বিধায়ক অখিল গগৈ । মৰিয়নিৰ লুখুৰাসন গাৱত থকা বাসগৃহত উপস্থিত হৈ আবেগিক হৈ পৰে অখিল গগৈ । স্ব-গৃহত উপস্থিত হৈয়ে মাতৃ প্ৰিয়দা গগৈক সাৱটি ধৰিলে কৃষক নেতা অখিল গগৈয়ে । ৰোমন্থন কৰিলে পুৰণি দিনৰ স্মৃতি ।

অখিল গগৈৰ আগমনৰ আনন্দত গাঁৱৰ মহিলাসকলে ৰান্ধিছে বিধে বিধে জুতি লগা খাদ্য ।মৰমৰ পুত্ৰলৈ মাতৃয়ে যতনেৰে যি ৰান্ধিছে, সেয়া তৃপ্তিৰে খাবলৈ হেঁপাহ কৃষক নেতা তথা বৰ্তমানৰ শিৱসাগৰৰ বিধায়কগৰাকীৰ ।

মাতৃৰ কাষত থাকি শীঘ্ৰে সমষ্টিলৈ উভতি অহাৰ আশ্বাস দিলে অখিল গগৈয়ে । তেও মুক্তি আসন্ন বুলিও সমৰ্থকসকলক উদ্দেশ্যি কয় । শিৱসাগৰ সমষ্টিক বিশ্ব পৰ্যটনৰ ক্ষেত্ৰলৈ পৰিবৰ্তন কৰিব । অখিল গগৈয়ে লগতে কয়, “মই জেলত থকাৰ সময়তো ৰাইজে মোক জিকাইছে। শিৱসাগৰবাসীৰ ৰাইজৰ প্ৰকৃত যি উন্নয়নৰ আকাংক্ষা, সেয়া মই পূৰণ কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিম। মোক কেতিয়াও বিধায়কৰ ভেমত অথবা দুই নম্বৰী কামত মোক নাপাব। মোৰ যি সংগ্ৰামী সত্ত্বা সেয়া সদায় জীয়াই ৰাখিম। এই কথা মই মোৰ মাৰ গাত ধৰি শপত খাই কৈছো।’

আজিৰ ৰাতিটো মাকৰ লগত কটাই কাইলৈ পুনৰ জেল অভিমুখে ৰাওনা হব বিধায়ক অখিল গগৈ ।ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে,বিজেপিলৈ গৈ ভুল কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। সেইবাবে ৰূপজ্যোতিক হৰুৱাম।

লগতে পঢ়ক পুত্ৰ পত্নীৰ সৈতে নিশাটো কটাই যোৰহাটত মাকক লগ পাবলৈ যাত্ৰা অখিল গগৈৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply