গুৱাহাটী : কাৰাবন্দী কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে পুনৰ নিয়াই দাখিল কৰিছে এক অতিৰিক্ত অভিযোগনামা৷ মঙলবাৰে সংস্থাটোৱে নিয়া আদালতত দাখিল কৰিছে এই অভিযোগনামা৷ নিয়াৰ এই অভিযোগনামাক যড়যন্ত্ৰ আখ্যা দিছে ৰাইজৰ দলৰ ভাস্কো ডি শইকীয়াই৷

কিয়নো পূৰ্বৰ অনুৰূপ ধৰণে নাম-ঠিকনা গোপনে ৰাখি বেনামীভাৱে দাখিল হৈছে অভিযোগনামা৷ অৰ্থাৎ অতিৰিক্ত এই অভিযোগনামাই পুনৰ জটিল কৰিব অখিল গগৈৰ কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই অহাত বুলি কয় ভাস্কো ডি শইকীয়াই৷ চানমাৰি থানাৰ গোচৰ নিয়াৰ আদালতত চলি থকা চাৰ্চ ফ্ৰেমৰ শুনানী প্ৰায় শেষ পৰ্যায়ত৷ তেনে সময়ত অখিল গগৈৰ ওপৰত পুনৰ এক অভিযোগ৷

লগতে পঢ়ক : ‘ৱেব পৰ্টেল’ক নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ আইনৰ দাবী চৰাইদেউ জিলা ‘আপকু’ৰ

অখিল গগৈৰ বিৰুদ্ধে থকা ভালেকইটা গোচৰৰ পৰা ইতিমধ্যে অখিল গগৈ মুক্ত হৈছে৷ কিছুদিন পূৰ্বে আদালতৰ মজিয়াত মুখথেকেচা খাইছিল নিয়া। চাবুৱা থানাৰ গোচৰত পৰ্যাপ্ত তথ্যৰ অভাৱত ইতিমধ্যে মুক্ত হৈছে কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ৷ এতিয়া চানমাৰি আৰক্ষীৰ গোচৰৰ পৰা মুক্ত হ’লেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছিল অখিল গগৈৰ৷ অখিল গগৈক জে’লত ৰাখিবলৈ চৰকাৰী পক্ষই হেঁচা প্ৰদান কৰাৰ শংকা প্ৰকাশ কৰিছে ৰাইজৰ দলে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply