নিউজ ডেস্কঃ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু দিল্লীৰ পৰা তেওঁৰ সৈতে অহা দলটোৱো অসমৰ বিভিন্ন দল-সংগঠন আৰু ৰাজনৈতিক দল সমূহৰ সৈতে সোমবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ বৈঠক মিলিত হয়।
সকলোৰে পৰা মত গ্ৰহণ কৰা এই বৈঠকত অখিল গগৈ তথা ৰাইজৰ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিৰোধিতা কৰে। এই বিষয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ফেচবুক পোষ্টৰ জৰিয়তে জানিবলৈ দিয়ে।
তেওঁ ফেচবুকৰ জৰিয়তে লিখে যে, “২০০৮ চনত যি যি কাৰণত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত স্থগিত ৰাখিছিল , সেই সন্দৰ্ভত প্ৰকাশিত নটিফিকেচনৰ কোনো পৰিস্থিতিয়ে সালসলনি হোৱা নাই , এটা এটাকৈ তথ্য-প্ৰমাণ দাঙি ধৰিলো। এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা পৰ্যন্ত এখন আসোঁৱাহপূৰ্ণ লোক পিয়লৰ তালিকাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ জাতীয় জীৱনৰ বাবে ক্ষতিকৰ বুলি তথ্য-প্ৰমাণ দাখিল কৰিলো”।

লগতে তেওঁ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ সন্মুখত উল্লেখ কৰে যে, “এইবাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণত যিহেতু সমষ্টিৰ সংখ্যা বৃদ্ধি নহয়, গতিকে ইয়াৰ পৰা অসমে পাবলগীয়া একো নাই। কিন্তু এই প্ৰক্ৰিয়াই অসমৰ থলুৱা অনেক জনগোষ্ঠীক অসন্তুষ্ট কৰি যাব। সাম্প্ৰদায়িক আৰু বৰ্ণবাদী বিজেপিৰ শাসন কালত এনে পৰিৱৰ্তনে থলুৱা জনগোষ্ঠীৰ পৰিৱৰ্তে যে বিজেপিৰ পৰম্পৰাগত ভোটাৰ সুৰক্ষিত কৰা সমষ্টিহে তৈয়াৰ হ’ব সেয়া খাটাং। সেই শংকা ব্যক্ত কৰি চৰকাৰী পক্ষৰ তৎপৰতাৰ বিষয়েও অৱগত কৰিলো”।
“কেনেকৈ চৰকাৰে জিলা বিলুপ্তকৰণ কৰিলে আৰু পুৰণি প্ৰশাসনিক সীমা বদলালে তাকো ক’লো। উজনি অসমৰ সমষ্টি হ্ৰাস কৰাৰ বাবে চৰকাৰী পক্ষই যিবোৰ ষড়যন্ত্ৰ কৰিছে তাকো উনুকিয়ালো। শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা ৰংপুৰ পঞ্চায়ত আঁতৰ কৰি ৰংঘৰ আৰু তলাতল ঘৰ শিৱসাগৰ সমষ্টিৰ সীমাৰ বাহিৰ কৰি আহোমসকলৰ পুৰণি ৰাজধানীত তেওঁলোকক অস্তিত্বহীন কৰিবলৈ চৰকাৰী পক্ষই কৰি থকা ষড়যন্ত্ৰখিনিও অৱগত কৰিলো”। এইদৰে অখিল গগৈয়ে মুখ্য নিৰ্বাচনী আয়ুক্তৰ সন্মুখত অৱগত কৰে বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে।

শেষত তেওঁ এই বুলিও লিখে যে, “আমি আমাৰ কথাখিনি ক’লো। সিদ্ধান্ত নিৰ্বাচন আয়োগৰ হাতত বন্দী”।
উল্লেখযোগ্য যে, ৰাইজৰ দলৰ হৈ অখিল গগৈৰ সৈতে সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু সাংগঠনিক সম্পাদক অম্লান জ্যোতি গগৈ উপস্থিত আছিল।
লগতে পঢ়ক – ৰাহুল গান্ধীক চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ