নিউজ ডেস্কঃ শিৱসাগৰৰ বিধায়ক অখিল গগৈ বিৰুদ্ধে পুনৰ মাওবাদীৰে সম্পৰ্ক থকা গোচৰ চলাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অনুমতি লাভ কৰা পাছত বৃহস্পতিবাৰে চানমাৰিৰ নিয়াৰ বিশেষ আদালত উপস্থিত হয়। অখিল গগৈ সৈতে ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰো আদালতত হাজিৰ হয়।
নিয়াৰ আদালতে প্ৰথম শুনানি গ্ৰহণ কৰি ২৮ ফেব্ৰুৱাৰীত পুনৰ নিয়াৰ আদালতত হাজিৰ হ’বলৈ অখিল গগৈ আৰু তেওঁৰ তিনি সতীৰ্থক নিৰ্দেশনা প্ৰদান কৰে।
লক্ষণীয় যে. পুনৰবাৰ গ্ৰেপ্তাৰ হোৱাৰ আশংকাত অখিল গগৈয়ে উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে আৱেদন কৰিছিল। সেই আবেদনৰ মৰ্মে ২১ ফেব্ৰুৱাৰীত সৰ্ব্বোচ ন্যায়ালয়ে ২৪ ফেব্ৰুৱাৰী পৰ্যন্ত সাময়িক সকাহ দি অন্তৰ্ৱর্তীকালীন জামিন প্রদান কৰিছিল। পুনৰ আজি(২৪.০২.২০২৩) উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ আৱেদনৰ শুনানি হ’ব আৰু সেই মৰ্মে নিশ্চিত হ’ব যে, তেওঁ পুনৰ গ্ৰেপ্তাৰ হ’ব লাগিব নে নাই।
ইফালে, নিয়াৰ বিশেষ আদালতত অখিল গগৈ উপস্থিত হোৱা পূৰ্বেই কেইবাশ সমৰ্থক আদালতৰ সন্মুখভাগত ভিৰ কৰা দেখা গৈছিল। অখিল গগৈ আদালতৰ কক্ষৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত কয় যে, তেওঁক জে’ল, ফাঁচি বা গুলীয়াই দিলেও জনগণৰ লগতে থাকিব। তেওঁ আপোচ নকৰে আৰু আত্মসমৰ্পণ নকৰে বুলিও স্পষ্ট কৰে।
লগতে তেওঁ কয় যে, “বাজেট অধিৱেশনৰ আগত বিশেষভাৱে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা সেয়া উদঙাই দিয়াৰ বাবে সাজু হৈ আছিলো। পঢ়া- শুনাও কৰিছিলো। কিন্তু বাজেট অধিৱেশনৰ পূৰ্বেই মোক যেন-তেনে জে’লত ভৰাব বিচৰা হৈছে। বিজেপিৰ বিধায়কসকলেই ৰাজহুৱাভাৱে কৈ আছে মোক জে’লত দিৱ লাগে যাতে অধিৱেশত গণ্ডগোল কৰিব নোৱাৰে”।
আদালতৰ চৌহদৰ পৰা অখিল গগৈয়ে সকলো বিৰোধী দলক আহ্বান কৰে যে, এআইইউডিএফ ক বাদ দি সকলো বিৰোধী ঐক্যবদ্ধ হ’ব লাগে। লগতে তেওঁ এই বুলিও প্ৰশ্ন উত্থাপন কৰে যে, কা আন্দোলন তেওঁ অকলে কৰা নাছিল কিন্তু চৰকাৰে তেওঁকেই অকলে কিয় আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।