নিউজ ডেস্কঃ ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা এনকাউণ্টাৰ ঘটনাক লৈ সৰৱ অখিল গগৈ।
ধাৰাবাহিকভাৱে ৰাজ্যত উদ্ধাৰ হৈ থকা ড্ৰাগছৰ প্ৰসংগকলৈয়ো সৰৱ বিধায়কগৰাকী।
ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানক ৰাজনৈতিক হাথিয়াৰ আখ্যা অখিল গগৈৰ। আৰক্ষীৰ সৈতে ড্ৰাগছৰ ব্যৱসায়ীৰ সম্পৰ্কৰ সন্দৰ্ভত তদন্ত কিয় হোৱা নাই বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে।
ৰাইজৰ চকুত ধূলি দিবলৈ এয়া এক নাটকহে বুলি বিধায়ক অখিল গগৈয়ে অভিযোগ কৰে।
আৰু পঢ়কঃ‘ন মাস্ক, ন’ চেলচ’ নীতি প্রযােজ্যৰ নির্দেশ কামৰূপ জিলা উপায়ুক্তৰ
এই সন্দৰ্ভত এতিয়ালৈকে টাস্ক ফ’ৰ্চ কিয় গঠন হোৱা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে।
ৰাজ্যিক মানৱ অধিকাৰ আয়োগক তদন্ত ভালকৈ কৰিবলৈ আহ্বান জনাইছে অখিল গগৈয়ে।
আনহাতে, ৰাজ্যত চলি থকা অবৈধ ছিণ্ডিকেটৰ ওপৰতো বিধানসভাত প্ৰশ্নৰ উত্থাপন কৰে বিধায়ক গৰাকীয়ে। বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যত কোনো ছিণ্ডিকেট নাই বুলিও উত্তৰ দিছে ৰাজ্য চৰকাৰে।