সোণাৰি: ৩০ অক্টোবৰত ৰাজ্যৰ ৫ টা সমষ্টিত হ’ব উপ-নিৰ্বাচন। উপ নিৰ্বাচনক লৈ এতিয়া অখিল গগৈৰ ব্যাপক তৎপৰতা। থাওৰা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাইজৰ দলে আজি বৃহৎ বাইক ৰেলিৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়।
এই ৰেলীত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অংশগ্ৰহণ কৰে | দলীয় প্ৰাৰ্থী ধৈয্য কোঁৱৰৰ হৈ বাইক ৰেলি কৰি নিৰ্বাচনী প্ৰচাৰ চলাই অখিল গগৈয়ে।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়,” হিমন্ত বিশ্ব শৰ্মাই নাঙলৰ মুঠিত ধৰি পোৱা নাই আৰু তেওঁ মাটিৰ বিষয়ে একো নাজানে। ৰাজহ মন্ত্ৰীয়ে যে চৰকাৰী মাটিৰ পাত্তা দিব নোৱাৰে সেই কথা হিমন্ত বিশ্ব শৰ্মাই নাজানে।”
লগতে পঢ়কঃমূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ
লগতে কয়, ”একে ৰাতিৰ ভিতৰতে মেডিকেল কলেজ, দলং বনাই দিয়াৰ প্ৰলোভন দিছে হিমন্ত বিশ্ব শৰ্মাই।”
ৰাইজৰ দলৰ কৰ্মীক শাৰীৰিক ভাবে প্ৰহাৰ কৰাৰ লগতে গাড়ী পৰ্যন্ত ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে।