গুৱাহাটী : মুক্ত আকাশৰ তললৈ আহিব কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। বৃহস্পতিবাৰে অখিল গগৈক দোষমুক্ত ঘোষণা কৰিলে নিয়াৰ আদালতে। দীর্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা গৰাকীক চান্দমাৰী থানাৰ গোচৰৰ পৰা মুক্ত কৰিলে নিয়াৰ আদালতে। শীঘ্ৰেই মুক্ত আকাশৰ তললৈ অহাৰ সম্ভাৱনা অখিল গগৈৰ।

বিগত প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ সকলো গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰিলে নিয়াৰ আদালতে। বৃহস্পতিবাৰে অখিল গগৈৰ বিৰুদ্ধে থকা অন্তিমটো গোচৰৰ পৰাও দোষমুক্ত কৰিলে আদালতে। চান্দমাৰী থানাত অখিল গগৈৰ বিৰুদ্ধে থকা গোচৰটোত নিয়াৰ আদালতে অখিল গগৈক দোষমুক্ত ঘোষণা কৰিলে।

লগতে পঢ়ক : তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ মৰ্গত কৰ্মৰত বাবু কলিতাই আজিলৈকে নাপালে চৰকাৰী সাহাৰ্য্য

পুৱাৰ ভাগতে নিয়াৰ আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক। আদালতে চান্দমাৰী থানাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি অখিল গগৈক দোষমুক্ত বুলি ঘোষণা কৰিলে। ইয়াৰ পূৰ্বে নিয়াৰ আদালতে অখিল গগৈক চবুৱা থানাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি দোষমুক্ত কৰিছিল। উলেক্ষ্য যে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে অখিল গগৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply