গুৱাহাটী : চাবুৱা থানাৰ গোচৰত জামিন লাভ কৰিলে কৃষক নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। নিয়াৰ আদালতে সাময়িক সকাহ প্ৰদান কৰিলে অখিল গগৈক। দীর্ঘদিন ধৰি কাৰাবন্দী হৈ আছিল অখিল গগৈ।
অৱশেষত নিয়াৰ এটা গোচৰৰ পৰা মুক্তি লাভ কৰিলে কৃষক নেতা অখিল গগৈ। ইউ এ পি এৰ অধীনত অখিল গগৈক গ্ৰেপ্তাৰ কৰি চাৰ্জশ্বীট দাখিল কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই।আজি নিয়াৰ বিশেষ আদালতে অভিযোগ আৰোপ সন্দৰ্ভত শুনানি লৈ গোচৰটোৰ পৰাই মুক্ত কৰিলে শিৱসাগৰৰ বিধায়ক গৰাকীক।
আৰু পঢ়কঃ অকালতে দৃষ্টিশক্তি হেৰুওৱা গোৰেশ্বৰৰ প্ৰাণজিতৰ জীৱন সংগ্ৰাম
চাবুৱা থানাৰ গোচৰত অখিল গগৈক নিয়াৰ আদালতে দোষমুক্ত কৰিলে। অৱশ্যে নিয়াৰ আন এটা গোচৰত জামিন নোপোৱাৰ বাবে এতিয়াও ন্যায়িক জিম্মাতেই থাকিব লাগিব অখিল গগৈ। চান্দমাৰী থানাৰ অন্য এটা গোচৰত জামিন লাভ কৰা নাই অখিল গগৈ।