পল্লব মিলি, লখিমপুৰঃ লখিমপুৰত ‘কা’ আৰু এনএইচপিচিৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ কথা স্পষ্টকৈ ঘোষণা কৰিছে অখিল গগৈয়ে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতাক শেষ সকীয়নি প্ৰদান কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে।
তেওঁ প্ৰতিবাদৰ হুংকাৰ দি কয় যে- কেতিয়াও সম্পূৰ্ণ কৰিবলৈ দিয়া নহ’ব নামনি জল বিদ্যুৎ প্ৰকল্পৰ কাম। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ প্ৰত্যেকজন লোকেই দুখীয়া হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দলত যোগদান কৰিব পাৰে, কিন্তু অখিল গগৈয়ে মৰি গ’লেও বিজেপিত যোগদান নকৰে।
ইফালে, আজি লখিমপুৰৰ জিলাৰ ৰাইজৰ দলৰ জিলা সমিতিৰ কাৰ্যালয়ত ২৬জনে যোগদান কৰিলে ৰাইজৰ দলত। এই যোগদান সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে গগৈয়ে।
দলীয় যোগদান সভাত উপস্থিত হৈ অখিল গগৈয়ে কয় যে- অসমৰ অৱস্থা শ্ৰীলংকা দৰে হৈ পৰিছে। অৰ্থনৈতিক ক্ষেত্ৰত শ্ৰীলংকাৰ দৰে হ’ব নিদিবলৈ আহ্বান অসম চৰকাৰক। হিমন্তৰ বিশ্ব শৰ্মাৰ চৰকাৰৰৰ দিনত জনসাধাৰণক অৰ্থনৈতিক ভাৱে দুৰ্বল কৰি পেলাইছে।