টীয়ক, আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছত প্ৰথমবাৰৰ বাবে নিজা সমষ্টি শিৱসাগৰ অভিমুখে অহা কৃষক নেতা অখিল গগৈক সমগ্ৰ পথতে বিপুল ভাবে আদৰণি জনাই ।সেইমৰ্মে ভালেসংখ্যক সমৰ্থক নিজ নিজ অঞ্চলত আদৰণি জনাই অখিল গগৈৰ কনভয়ৰ সৈতে শিৱসাগৰ অভিমুখে গমণ কৰিছিল।
কিন্তু যিহেতু ৰাজ্য চৰকাৰে ঘোষণা কৰা কভিডৰ SOP অনুসৰি দুপৰীয়া ২ বজাৰ পৰা আন্ত:জিলা যাতায়াত আৰু একাধিক ব্যক্তি একেলগে গোট খোৱাটো নিষিদ্ধ, সেয়ে কভিড SOP ভংগ কৰাৰ অপৰাধত শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ সীমাৱতী অঞ্চল জাঁজীত টীয়ক আৰক্ষীয়ে মুঠ এঘাৰখন গাড়ী জব্দ কৰে। ইতিমধ্যে জব্দ কৰা গাড়ীসমূহৰ বিৰুদ্ধে টীয়ক আৰক্ষীয়ে ক’ভিড বিধি উলংঘাৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে।লগতে পঢ়ক বেদখলকাৰীৰ কৱলত চৰাইদেউৰ ঐতিহাসিক দেওশাল আৰু লাংকুৰী দৌলৰ মাটি