গুৱাহাটী : এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ অভিযোগ সন্দৰ্ভত মুখ খুলিলে অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক গৰাকীয়ে আমিনুল ইছলামৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমিনুল ইছলামক ফটুৱা বুলি আখ্যা দিয়ে।

অখিল গগৈয়ে লগতে নিজকে অসমৰ ৰাজনীতিৰ এক মাত্ৰ সৎ ব্যক্তি বুলি আখ্যা দিয়ে। অখিল গগৈয়ে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম এজন সাম্প্ৰদায়িক আৰু গুৰুত্বহীন ব্যক্তি বুলিও আখ্যা দিয়ে। এই আই ইউ ডি এফৰে মিত্ৰতা থাকিলে কংগ্ৰেছৰ লগত উপ-নিৰ্বাচনত মিত্ৰতা নকৰাৰ কথাও স্পষ্ট কৰে অখিল গগৈয়ে।

ইফালে ৰাইজৰ দলে কোনো তথ্য আৰু প্ৰমাণ নোহোৱাকৈ ধিংৰ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে অখিল গগৈৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। উল্লেখ্য যে দল খোলাৰ বাবে অখিল গগৈয়ে এ আই ইউ ডি এফৰ পৰা ১০ কোটি টকা বিচাৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল আমিনুল ইছলামে।

আমিনুল ইছলামে কৈছিল অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ লগত এ আই ইউ ডি এফৰ এক আলোচনা হৈছিল। আৰু সেই আলোচনাত অখিল গগৈয়ে দল খোলাৰ বাবে ১০ কোটি টকাৰ প্ৰয়োজন বুলি এ আই ইউ ডি এফৰ আগত প্ৰকাশ কৰিছিল বুলি আমিনুল ইছলামে অভিযোগ কৰিছে।

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই মহাজোঁটত যোগদান কৰাৰ পৰিকল্পনা আছিল অখিল গগৈৰ। পৰৱৰ্তী সময়ত বিজেপিৰ লগত অখিল গগৈৰ আলোচনা হৈছিল আৰু অখিল গগৈয়ে এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি আখ্যা দিছিল বুলিও অভিযোগ তুলিছিল আমিনুল ইছলামে।মানকাচৰৰ বিধায়ক তথা এ আই ইউ ডি এফৰ সাধাৰন সম্পাদক আমিনুল ইছলামে কয়, অখিল গগৈৰ কথাত এ আই ইউ ডি এফে গুৰুত্ব নিদিয়ে ।অখিল গগৈ তৰল মনৰ ব্যক্তি।অখিলৰ কোনো স্থায়ী স্থিতি নাই।

লগতে পঢ়ক : কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ কাৰ্বি ছাত্র সন্থাৰ

উল্লেখ্য যে বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ বাবেই অখিল গগৈৰ ৰাইজৰ দল মহাজোঁট চামিল হোৱা নাছিল। এতিয়া উপ-নিৰ্বাচনত অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে যদিও অখিল গগৈয়ে এ আই ইউ ডি এফক বাদ দিলেহে মিত্ৰতাৰ বাবে আগুৱাই আহিব বুলি স্পষ্ট কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply