শিৱসাগৰ : পুনৰ গো সুৰক্ষা আইনকলৈ সৰৱ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। গো সুৰক্ষা আইনখনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে গো পালক সকল। এই আইনখনৰ বাবে কি দৰে গো পালক সকল ক্ষতিগ্ৰস্ত হৈছে বৰ্ণনা কৰিলে অখিল গগৈয়ে। লখিমপুৰ, ধেমাজি আৰু জোনাইৰ গো পালক সকলে অখিল গগৈক সাক্ষাৎ কৰি গো সুৰক্ষা আইন বাতিল কৰাৰ বাবে অখিল গগৈক আহ্বান জনোৱাৰ দাবী শিৱসাগৰৰ বিধায়ক গৰাকীৰ।
যোৱা ১৩ জুলাই তাৰিখে অসম বিধানসভাত অসম গো সুৰক্ষা আইন ২০২১ আইনত পৰিণত হয়। গো সুৰক্ষা আইনখন আইনত পৰিণত হোৱাৰ পিছৰে পৰা বিৰোধীয়ে এই আইনখনৰ বিৰোধিতা কৰি আছে। কংগ্ৰেছ, এ আই ইউ ডি এফৰ বিধায়ক সকলৰ লগতে শিৱসাগৰৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এই আইনখনৰ তীব্ৰ বিৰোধিতা কৰিছে।
বিৰোধীয়ে অসম গো সুৰক্ষা আইনখনক এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ মাজতে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ দাবী এই আইনখনে অসমৰ থলুৱা গো পালক সকলক বিপদত পেলাইছে। শুকুৰবাৰে এই সম্পৰ্কে শিৱসাগৰত এক সংবাদ মেল অনুষ্ঠিত কৰে অখিল গগৈয়ে।
শিৱসাগৰত লখিমপুৰ, ধেমাজি আৰু জোনাইৰ গো পালক সকলে অখিল গগৈক সাক্ষাৎ কৰি অসম গো সুৰক্ষা আইন ২০২১ বাতিল কৰাৰ বাবে অখিল গগৈক আহ্বান জনায় বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে। অখিল গগৈয়ে কয় যে কেৱল গৰুৰ গাখীৰ বিক্ৰী কৰি গো পালক সকলে গো পালন কৰিব নোৱাৰে।
একো একো জন গো পালকে ১০০ ৰ পৰা ৮০০ গৰু পালন কৰে আৰু কেৱল গাখীৰ বিক্ৰী কৰি ইমান সংখ্যক গৰু পোহপাল দিয়াটো সম্ভন নহয় বুলি কয় অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে এই আইনখন গৃহিত হোৱাৰ পিছত গো পালন কৰি জীৱিকা অর্জন কৰা বহু যুৱকে বহিঃৰাজ্যলৈ কাম বিচাৰি যাব লগীয়া হৈছে।
লগতে পঢ়ক : ছিপাঝাৰৰ ধলপুৰত উপস্থিত হয় কংগ্ৰেছ প্ৰতিনিধিৰ এটা দল
গো পালক সকলক গো সুৰক্ষা আইনে বিপদত পেলাইছে বুলি অখিল গগৈয়ে মন্তব্য কৰে। গো সুৰক্ষা আইনে গো পালক সকলক জুৰুলা কৰাত গো পালকৰ সন্তানে উপায়হীন হৈ সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যাত্ৰা কৰিছে বুলিও কয় অখিল গগৈয়ে।