নিউজ ডেস্কঃ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ দাবী- মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে। কাজিৰঙাত উপস্থিত হৈ বিধায়ক গৰাকীয়ে কয়- বাল্যবিবাহ নিষিদ্ধকৰণৰ সম্পৰ্কীয় ২০০৬চনৰ আইন অনুসৰি বিবাহ হোৱাৰ দুবছৰৰ ভিতৰত যদি কোনোবাই গোচৰ তলে সেয়াহে বাল্যবিবাহ।

তেওঁ লগতে কয় যে- দুই বছৰ অতিক্ৰম হোৱাৰ পাছত সেই বিবাহ নিয়মীয়া বিবাহ ৰূপে পৰিগণিত হয়। দুবছৰৰ পাছত ব্যৱস্থা লোৱাটো আইন সন্মত নহয়। 

চৰকাৰে কেৱল চমক দিবৰ বাবে এই কাম কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে- POCSO আইন লগোৱাটো সম্পূৰ্ণ অৰ্থহীন৷ অসম চৰকাৰে বাল্যবিবাহৰ ক্ষেত্ৰত ভয় বা সন্ত্ৰাসিত কৰি সম্পূৰ্ণ বিফল হৈছে ৷

অসম চৰকাৰে ভুল পথেৰে যোৱাৰ বাবেই ন্যায়ালয়, বুদ্ধিজীৱী সমাজ, বিৰোধী পক্ষৰ সমালোচনাৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰে অখিল গগৈয়ে। আৰু বাৰম্বাৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ক্ষমা খোজা উচিত ৷ মুখ্যমন্ত্ৰীৰ নাকত সামান্যতম লাজ থকাহেঁতেন তেখেতে গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিলে হয় বুলিও কয় অখিল গগৈয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply