গুৱাহাটী : অসম বিধানসভাৰ শীতকালিন অধিৱেশনৰ মজিয়াত ভূমি কেলেংকাৰী সন্দৰ্ভত সৰৱ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ উত্তাল বিধানসভাৰ সদন। ১০ মিনিটৰ বাবে স্থগিত সদন।

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে বিৰোধী কংগ্ৰেছ দলেও আনিছিল ভূমি কেলেংকাৰীৰ প্ৰসংগৰে সভা স্থগিতৰ প্ৰস্তাৱ।প্ৰস্তাৱতো সদনৰ মজিয়াত পাঠ কৰি নিদিয়াত ক্ষুব্ধ হৈ পৰে বিধায়ক অখিল গগৈৰ লগতে অন্যান্য বিৰোধী বিধায়কসকল।

লগতে পঢ়ক : গীতানগৰস্থিত শ্রীশ্রী দক্ষিণপাট সত্ৰত আয়ােজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

ইপিনে, শাসকীয় বিধায়কসকলেও উত্থাপন কৰে অখিল গগৈৰ অৰ্কিড পাৰ্কৰ ভূমি বেদখলৰ প্ৰসংগ। শাসক বিৰোধীৰ বাক যুদ্ধত সদন উত্তাল হৈ পৰাত ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। সদন পুনৰ আৰম্ভ হোৱাৰ পিছতো পৰিস্থিতি একে থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply