শিৱসাগৰ : নিয়াৰ আদালতৰ পৰা দোষমুক্ত হোৱাৰ পিছতে কৃষক নেতা তথা অখিল গগৈক দেখিবলৈ পোৱা গৈছে এক অন্য ৰূপত। নিজ সমষ্টিত উপস্থিত হৈ সমষ্টিবাসীৰ লগত মত-বিনিময় কৰি সমষ্টিৰ বিভিন্ন সমস্যাৰ বুজ লৈছে অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক গৰাকীয়ে সমষ্টিৰ ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰাৰ লগতে শিৱসাগৰৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে আগুৱাই অহা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে এই সন্দৰ্ভত এক সংবাদ মেলত শিৱসাগৰক এক নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হ’ব বুলি বিধায়ক অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰে। শিৱসাগৰৰ উন্নয়নৰ সন্দৰ্ভত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘কলাক্ষেত্ৰ স্থাপন, ৰংঘৰ-তলাতল ঘৰ আদিক নতুন ৰূপ দিয়াৰ চেষ্টা চলাই যাম।’
শিৱসাগৰৰ নতুন ৰূপ চাবলৈ অসমবাসীক আহ্বান জনাই পুঁজি লাভ কৰাৰ লগে লগে প্ৰতিটো পথ-উপপথ, ট্ৰেফিক চিগনেল আদি ঠিক কৰা হ’ব বুলিও জানিবলৈ দিয়ে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে। সংবাদ মেলতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক তাৎপৰ্য মূলক মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাধা নিদিলে শিৱসাগৰৰ উন্নয়ন ৰাইজে চাব পাৰিব। ইফালে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ কাম কেৱল বিধানসভাতহে বুলি কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয় যে, ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ কাম কেৱল বিধানসভাতহে বুলি মন্তব্য কৰিছে। কাৰ্যপালিকাত ভুমিকা নাই বুলি কৈছে। ভাৰতীয় সংবিধানে ৰাজ্যবোৰৰ বিধানসভাৰ কাৰ্যৱলী সম্পৰ্কে ব্যাখ্যা কৰিছে। সংবিধানত বিধায়কৰ কাম-কাজ সম্পৰ্কে লিপিবদ্ধ নাই যদিও এই বিষয়ে সংসদ, ন্যায়ালয়ত চৰ্চা হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে, বিধায়কে ডি চি, এছ পি, এছ ডি অ আদিক কোনো নিৰ্দেশ দিব নোৱাৰে। কিন্তু এজন বিধায়কৰ চাৰিটা ক্ষমতা থাকে।”
লগতে পঢ়ক : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে সোণাৰিৰ ছেংগিজ হাছানে
উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানত উদ্ধৃতি দি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে লগতে কয় যে, “২০১৭ বৰ্ষত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এটা ৰায়দান দিছিল য’ত এজন নিৰ্বাচিত বিধায়কৰ গণতন্ত্ৰত ব্যাপক ভুমিকা থাকে। সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভুমিকা আছে। এই ৰায়দানৰ পিছত আৰু একো ক’ব লগা নাথাকে। অসমৰ মুখ্যমন্ত্ৰীয়ে বিধায়কৰ দায়িত্ব কমাবলৈ গৈ ন্যায়ালয়, প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহৰ কথাক নস্যৎ কৰিছে। কি আইনৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে এয়া কৈছে সেয়া জনাব লাগে।” অখিল গগৈয়ে লগতে প্ৰত্যাহ্বান জনাই কয় যে যদি নোৱাৰে তেন্তে ক্ষমা খুজিব লাগে। বিধানসভাত এই বিষয় উত্থাপন কৰি কৈফিয়ৎ বিচৰা হ’ব।মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ বাবে সকলো বিধায়কে মাত মাতিব লাগে, প্ৰতিবাদ কৰিব লাগে বুলিও কয় অখিল গগৈয়ে।