নিউজ ডেস্ক: অসম মিজোৰামৰ শেহতীয়া ঘটনাবলীক লৈ অসম চৰকাৰে জনমত সৃষ্টিত ব্যৰ্থ হৈছে, ইয়াৰ বিপৰীতে মিজোৰামে সৰ্বভাৰতীয় স্তৰত সফলতা লাভ কৰিছে । ২৬ জুলাইত অসমৰ ৭ জনকৈ লোকক গুলীয়াই হত্যা কৰাৰ পিছতো অসম চৰকাৰে কেন্দ্ৰৰ ওচৰত আত্মসমপৰ্ন কৰিলে যদিও অসমৰ সপক্ষে একোৱেই গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিলে ৰাইজৰ দলৰ সভাপতি বিধায় অখিল গগৈয়ে ।


কেন্দ্ৰীয় চৰকাৰে অসমৰ লাইলাপুৰৰ পৰা ৱাৰেংটিং অঞ্চললৈকে থকা অসমৰ ভূখন্ডক বিবদমান অঞ্চল হিচাপেহে চিনাক্ত কৰি তাত কেন্দ্ৰীয় চৰকাৰৰ বাহিনীৰ হাতত গটোৱাতো অসমৰ বাবে দূৰ্ভাগ্যজনক বুলি ক’লে অখিল গগৈয়ে । বৰ্তমান সময়ত অসমৰ মাটিত ৭টা আৰু মিজোৰামৰ মাটিত তিনিটা কেম্প বহুৱাইছে চিআৰপিএফ বাহিনীয়ে ।


মিজো ছাত্ৰ সন্থা আৰু মিজো যুব সংগঠনে সীমান্ত এলেকাত বাংলাদেশী লোকৰ বসতি হৈছে বুলি কৰা অভিযোগ খন্ডন কৰা অখিল গগৈয়ে কয়, সেই এলেকাত বৰ্মন, ৰায়, দাস আৰু বৰাকৰ খিলঞ্জীয়া মুছলমানসকলেহে বসতি স্থাপন কৰে । মিজোৰামৰ আগ্ৰাসী মনোভাবৰ বাবেই সমতল ভূমিবোৰ দখল কৰিবলৈ আগবাঢ়ি আহিছে । ইয়াৰ ফলতেই সীমান্তত ভয়ানক ঘটনা হবলৈ লৈছে ।

অখিল গগৈয়ে অসম মিজোৰামৰ সীমা সমস্যা সমাধানৰ বাবে আন্তৰাজ্যিক সীমান্ত নীতি বনোৱাৰ পোষকতা কৰাৰ লগতে ইয়াক পৰিচালনা কৰিবলৈ আঁচনি প্ৰস্তুত কৰিবলৈ আহ্বান জনাই । বিধানসভাত অকলসৰীয়া বিধায়ক হোৱাৰ বাবেই তেওৰ বক্তব্য দিবলৈ সুবিধা নাপায় বুলিও আক্ষেপ প্ৰকাশ কৰে ।

সীমান্ত অঞ্চলত বাস কৰা লোকসকলক যি দৰে মিজোৰামে মাটিৰ পট্টা দিয়াত আগভাগ লৈছে ইয়াৰ বিপৰীতে অসম চৰকাৰে সেইসকল খিলঞ্জীয়াক উচ্ছেদ কৰিছে । সেইসকল লোকক মাট্ৰ পট্টা দিয়াৰ লগতে অঞ্চলবোৰ উন্নয়ন নকৰিলে অসমৰ সীমাত এনেধৰনৰ ঘটা ঘটি থাকিব বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাকলৈ উত্তপ্ত পৰিস্থিতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply