গুৱাহাটী : ‘কা’ আন্দোলনত আৰক্ষীৰ গুলীত নিহত আৰু আহত সকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা লোৱা হোৱা নাই। এনে ধৰণে মৃত্যু বা আঘাতপ্ৰাপ্ত হ’লে চৰকাৰীভাৱে ক্ষতিপূৰণ দিয়াৰ কোনো ব্যৱস্থা নাই। অসম বিধানসভাৰ শীতকালীন অধিৱেশনত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এই কথা লিখিত ভাবে জনাই ।
সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যচৰকাৰক কৰা এক লিখিত প্ৰশ্নত ২০১৯ চনত ৰাজ্যত ‘কা’ বিৰোধী আন্দোলনত আৰক্ষীৰ গুলীত নিহত আৰু আহত সকলক ক্ষতিপূৰণ দিয়া সম্পৰ্কে সোধা হৈছিল ।
শিৱসাগৰৰ বিধায়ক গৰাকীৰ এই প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ ফালৰ পৰা দিয়া উত্তৰত জনোৱা হয় ‘কা’ আন্দোলনত আৰক্ষীৰ গুলীত নিহত আহত সকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা লোৱা হোৱা নাই। এনে ধৰণে মৃত্যু বা আঘাতপ্ৰাপ্ত হ’লে চৰকাৰীভাৱে ক্ষতিপূৰণ দিয়াৰ কোনো ব্যৱস্থা নাই। ‘কা’ এটা কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়। ৰাজ্য চৰকাৰে এই বিষয়ে মতামত দিয়াৰ কৰ্তৃত্ব নাই। কিন্তু ‘কা’ আইনৰ অধীনত কোনো বিদেশী ৰাজ্যলৈ অহাৰ ব্যৱস্থা নাই বুলিও কয় গৃহ বিভাগে।
লগতে পঢ়ক : ছবি অংকনেৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে মৰাণৰ নীহাৰিকাই
‘কা’ সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অন্য কেইবাটাও প্ৰশ্নৰ উত্তৰত গৃহ বিভাগে জনাই , ‘কা’ বিৰোধী আন্দোলনত আৰক্ষীৰ গুলীত ৩ জন লোকৰ মৃত্যু হৈছিল। এজন লোকৰ পল্টন বজাৰ থানাৰ অন্তৰ্গত এলেকাত মৃত্যু হৈছিল যদিও লোকজনৰ মৃত্যু কাৰ গুলীত মৃত্যু হৈছিল সেই বিষয়ে ঠাৱৰ হোৱা নাই আৰু এই বিষয়ে তদন্ত চলি আছে বুলিও উত্তৰত অবগত কৰে গৃহ বিভাগে।