গুৱাহাটী : কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহা মাত্ৰ কেইটামানহে দিন হৈছে যদিও কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অনগাত দিনত তেওঁ আৰু তেওঁৰ দলে কিদৰে আগুৱাই যাব তাক লৈ ইতিমধ্য ৰণনীতি তৈয়াৰ কৰি তুলিছে।

যদিও ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত ২০২১ চনত কংগ্ৰেছ দলে ভাল প্ৰদৰ্শন কৰিছে ৰাজনৈতিক পৰ্য্যবেক্ষকসকলৰ মতে এইবাৰ অখিল গগৈহে ৰাজ্যখনৰ আটাইতকৈ শক্তিশালী বিৰোধী কণ্ঠ। নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ নকৰাকৈ, জেইলত থাকিয়ে শিৱসাগৰ সমষ্টিৰ পৰা বিপুল ভোটত জয় লাভ কৰাটো ইয়াৰ এক অন্যতম প্ৰমাণ।

অসমৰ এক প্ৰধান ৰাজনৈতিক শক্তি হিচাপে খাৰা হ’বলৈ হ’লে ৰাইজৰ দলে কেনে ৰণনীতি অৱলম্বন কৰিব লাগিব তাক লৈ অখিল গগৈৰ মত স্পষ্ট।  

ইষ্টম’জ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গগৈয়ে কয়, ‘ভাৰতীয় সংবিধানৰ যি ফেডাৰেল (যুক্তৰাষ্ট্ৰীয়) গাঁথনি তাক সাম্প্ৰদায়িক ফেচিবাদৰ অধীনত এতিয়া অতি স্বেচ্চাচাৰীভাৱে এক সামৰিক গাঁথনিলৈ পৰ্য্যৱসিত কৰিছে। আমাৰ সংবিধানৰ ফেডাৰেল গাঁথনিক ধৰি ৰখাটোৱেই হ’ব ৰাইজৰ দলৰ প্ৰধান অগ্ৰাধিকাৰ। আমি গণতান্ত্ৰিক, আঞ্চলিকতাবাদী আৰু প্ৰগতিশীল জাতিয়াবাদত বিশ্বাসী এটা দল।’

যদিও এইবাৰৰ নিৰ্বাচনত নতুন ৰাজনৈতিক দল দুটাই বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল গগৈৰ মতে ৰাইজৰ দলৰ শক্তিক উপেক্ষা কৰিব নোৱাৰি।   

‘বহুকেইটা শক্তিশালী আঞ্চলিক দলে এইখন দেশৰ ইতিহাস সলনি কৰাৰ নজিৰ আছে। ডি এম কে, আপ, টি এম চি – এই দলসমূহে তেওঁলোকৰ ৰাজ্যত ৰাষ্ট্ৰীয় দলবিলাকক প্ৰায় ধূলিসাৎ কৰি পেলাইছে। আমি এই আঞ্চলিক দলসমূহৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ চেষ্টা কৰাৰ লগতে আমাৰ দলৰ বাবেও এক নতুন পথ তৈয়াৰ কৰিম,’ গগৈয়ে কয়।  

উল্লেখযোগ্য যে, কা আন্দোলনৰ পিছত গঠন হোৱা দুই আঞ্চলিক ৰাজনৈতিক শক্তি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এইবাৰ নিৰ্বাচনত বিজেপিৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি ভবা হৈছিল যদিও নিৰ্বাচনত বিজেপিৰ ভোট হ্ৰাস কৰাত অখিল গগৈৰ বাদে দুয়োটা দলৰ কোনো এগৰাকী প্ৰাৰ্থীয়ে বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল। এই কথাই অসমত এক প্ৰগতিশীল আঞ্চলিক শক্তিৰ প্ৰাসংগিকতাৰ ওপৰতে বিভিন্ন প্ৰশ্ন তুলিছিল।

লগতে পঢ়ক : উত্তৰ-পূবৰ সৰ্ববৃহৎ ব্যৱসায়িক ইভেণ্ট- নৰ্থইষ্ট লঞ্চপেড; আজিয়েই পঞ্জীয়ন কৰক

আনহাতে বিজেপিৰ মিত্ৰদল তথা ৰাজ্যৰ পুৰণি আঞ্চলিক শক্তি অসম গণ পৰিষদে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰা ২৬ খন আসনৰ ৯ খনত জয়লাভ কৰে যদিও গগৈয়ে অগপক প্ৰতিদ্বন্দ্বী হিচাপে গণ্য নকৰে।

‘অগপ এটা ধ্বংসপ্ৰাপ্ত দল। অসমৰ মানুহ এই দলটোক লৈ আশাবাদী বুলি মই নাভাবো। ৰাইজৰ দলে অগপকলৈ চিন্তা কৰিব লগীয়া বিশেষ একো নাই,’ তেওঁ কয়।

একে প্ৰসংগতে অসমত ৰাইজৰ দলক আটাইতকৈ শক্তিশালী আঞ্চলিক দলৰূপে প্ৰতিষ্ঠা কৰাত দলটোৰ বাবে অসম জাতীয় পৰিষদ প্ৰত্যাহ্বান হ’ব বুলি নাভাবে কৃষক নেতা অখিল গগৈয়ে।

‘বৰ্তমান অসমক ভাৰাক্ৰান্ত কৰি ৰখা সমস্যাটোৱে হৈছে সাম্প্ৰদায়িক ফেচিবাদ। আৰু ইয়াক কেৱল এটা গণতান্ত্ৰিক আৰু প্ৰগতিশীল আঞ্চলিক দলেহে উৎখাত কৰিব পাৰিব। মোৰ বোধেৰে অসম জাতীয় পৰিষদে এই পৰ্য্যন্ত বৃহত্তৰ ৰাইজৰ লগত সংযোগ স্থাপন কৰিব পৰা নাই। তেওঁলোকে নিজকে প্ৰগতিশীল বুলি দাবী কৰে যদিও তেওঁলোকৰ দৃষ্টিভংগি ক্ৰমাৎ উগ্ৰ জাতিয়তাবাদৰ পিনে ধাল খালে। হয়তো এইবাবেই দলটোৰ ভিত্তি ইমান শক্তিশালী নহয়,’ গগৈয়ে কয়।

২০০৫ চনত গঠন হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা ১৬ টা বছৰে সমগ্ৰ অসমতে এক মজবুত ভেটি তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। আনকি, ভাষিক অসমীয়া জাতীয়তাবাদৰ বিশেষ প্ৰভাৱ নথকা বৰাক উপত্যকাতো কৃষক মুক্তিয়ে এক সবল ভেটি নিৰ্মাণ কৰিব পাৰিছে। বৰ্তমান অসম আৰু মিজোৰামৰ মাজত চলি থকা সীমা বিবাদক লৈ ২০২০ চনৰ নৱেম্বৰত হাইলাকান্দিত ব্যাপক প্ৰতিবাদ হৈছিল। উক্ত প্ৰতিবাদক কৃষক মুক্তিয়ে নেতৃত্ব দিছিল, সংগঠনটোৰ মতে বৰাক উপত্যকাত তেওঁলোকৰ সহস্ৰাধিক সদস্য আছে।

অসমৰ আন আঞ্চলিক দলসমূহে এতিয়ালৈকে প্ৰৱেশ কৰিব নোৱৰা ঠাইবিলাকত এটা আঞ্চলিক দলহৈ ৰাইজৰ দলে কেনেকৈ প্ৰৱেশ কৰিব বুলি প্ৰশ্ন কৰাত গগৈ কয়, ‘বৰাক উপত্যকাৰ দৰে অঞ্চল বিলাকত কৃষক মুক্তিৰ এক শক্তিশালী ভিত্তি আছে। আমাৰ লক্ষ্য হ’ব কৃষক মুক্তিৰ এই দুৰ্গক ৰাইজৰ দলৰ আধাৰ হিচাপে গঢ়ি তোলা। কিন্তু আমি এই কথাও ধ্যান দিম যাতে কৃষক মুক্তিৰ সাংগঠনিক ভেটিত স্বতন্ত্ৰ হৈ থাকে। আৰু গোটেই অসমৰ ক্ষেত্ৰত একেই দৃষ্টিভংগি গ্ৰহণ কৰা হ’ব।’

এটা কথা মন কৰিব লগীয়া যে গগৈৰ জনপ্ৰিয়তা সত্ত্বেও দল হিচাপে ৰাইজৰ দলে নিৰ্বাচনত বিশেষ ভাল প্ৰদৰ্শন দেখোৱাব নোৱাৰিলে। দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰা ২৯ খন আসনৰ ৪ খনত মিত্ৰদল অসম জাতীয় পৰিষদেও প্ৰাৰ্থী আগবঢ়াইছিল। ইয়াক লৈ দলটোৰ মাজত বুজাবুজিৰ অভাৱ থকা বুলি বিভিন্ন মহলত চৰ্চা হৈছিল। বিভিন্ন কাৰণত অখিল গগৈয়ে জয়লাভ কৰিবলৈ সক্ষম হ’ল যদিও ৰাইজৰ দলে প্ৰাৰ্থিত্ব থিয় কৰোৱা কোনো এটা সমষ্টিতে দলটোৱে ভোট শ্বেয়াৰৰ ক্ষেত্ৰত আনকি দ্বিতীয় স্থান লাভ কৰিবলৈও সক্ষম নহ’ল।

গতিকে মাত্ৰ এটা সমষ্টিত লাভ কৰা বিজয়েৰে এটা ৰাজনৈতিক দলে কিদৰে নিজকে অনাগত দিনত অসমৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল হিচাপে খাৰা কৰাৰ কথা ভাবিছে?

‘অহা দুবছৰৰ ভিতৰত আমি অসমৰ আটাইতকৈ শক্তিশালী আঞ্চলিক দলত পৰিণত হ’ম। সমগ্ৰ অসমতে ৰাইজে আমাৰ দলক লৈ আগ্ৰহী আৰু তেওঁলোকে আমাকে একমাত্ৰ বিকল্প শক্তি হিচাপে ভাবিলৈ লৈছে,’ গগৈয়ে কয়।

শিৱসাগৰ সমষ্টিৰ বাহিৰত দলটোক সবল কৰি তোলা আৰু দাবী কৰা ধৰণেৰে এটা প্ৰগতিশীল আঞ্চলিক দল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ৰাইজৰ দলৰ সন্মুখত আছে কঠিন প্ৰত্যাহ্বান।

অসমত কংগ্ৰেছ দলে ইয়াৰ বিশ্বাসযোগ্যতা আৰু পূৰ্বৰ গণভিত্তি হেৰোৱাবলৈ ধৰাত আৰু অগপ তথা ইউ পি পি এলৰ দৰে আঞ্চলিক দল বিলাকে এন ডি এত চামিল হৈ পৰাৰ ফলত অসমত বিজেপি এক অপ্ৰতিদ্বন্দ্বী শক্তিলৈ পৰিণত হৈছে। ফলত তেওঁলোকক প্ৰত্যাহ্বান দিব পৰাকৈ এতিয়া যেন ৰাজ্যখনত কোনো ৰাজনৈতিক দলেই নাই।

অৱশ্যে এই ক্ষেত্ৰত কৃষক নেতাৰ পৰা গৈ বিধায়ক হোৱা অখিল গগৈৰ কিছু পৃথক, তেওঁ কয়, ‘বৰ্তমানৰ ৰাজনৈতিক গতিধাৰা আমাৰ পক্ষত, ৰাইজে আমাকে একমাত্ৰ বিকল্প শক্তি হিচাপে গণ্য কৰে। আৰু এই আঞ্চলিকতাবাদী শক্তিক লগত লৈয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আমি চৰকাৰ দখল কৰিবলৈ চেষ্টা কৰিব।’    

ইংৰাজীত পঢ়ক : Akhil Gogoi: Raijor Dal to be Assam’s strongest regional party in 2 years

মূল লেখক : ঋষিতা ৰাজবংশী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply