নিউজ ডেস্কঃ শিৱসাগৰ বিধায়ক অখিল গগৈয়ে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ আজি ফেচবুক যোগে প্ৰতিক্ৰিয়া আগবঢ়াই।
অখিল গগৈয়ে কয় যে, কোনো অপৰাধী গোচৰত ৰাহুল গান্ধীয়ে কাৰাদণ্ড পোৱা নাই কেৱল মানহানি গোচৰত শাস্তি পোৱাৰ বাবে সাংসদ পদ খাৰিজ কৰাক ৰাইজৰ দলে সমৰ্থন নকৰে।
লগতে গগৈয়ে কয়, ই বিজেপি চৰকাৰৰ সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক, ফেচিবাদী আৰু স্বৈৰাচাৰী কাণ্ড।
বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে। লগতে, সমগ্ৰ ভাৰতৰ সকলো বিৰোধী দল আৰু জনগণক একগোট হ’বলৈ আহ্বান জনাই অখিল গগৈয়ে।
এনেধৰণৰ ফেচিবাদী ঘটনা ভাৰতৰ জৰুৰীকালীন সময়চোৱাতহে সংঘটিত হৈছিল বুলিও শিৱসাগৰ বিধায়ক গৰাকীয় কয়।
উল্লেখযোগ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা ‘মোডী উপাধি’ সম্পৰ্কীয় মন্তব্যৰ বাবে ২৩ মাৰ্চত অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে আজি লোকসভাৰ সদস্য পদ খাৰিজ কৰা হৈছে। উল্লেখ্য যে দোষী সাব্যস্ত হোৱাৰ দিনটোৰ পৰাই এই সদস্য পদ আঁতৰোৱা হৈছে বুলি উল্লেখ কৰা হৈছে আজি লোকসভা সচিবালয়ৰ পৰা প্ৰকাশ পোৱা এক জাননীত।
লগতে পঢ়ক – ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ