গুৱাহাটী : কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কৰ্মযজ্ঞ আৰম্ভ কৰিছে অখিল গগৈয়ে৷ শিৱসাগৰ সমষ্টিৰ কাৰাৰুদ্ধ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উদ্যোগত সমষ্টিবাসীক লগত লৈ সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰে সমষ্টিৰ উন্নয়নৰ পদক্ষেপ হাতত লোৱা হৈছে৷ সমষ্টিৰ উন্নয়নৰ বাবে বিধায়কৰ হাতত থকা ক্ষমতা এক গণতান্ত্ৰিক আৰু বিজ্ঞানসন্মত আৰ্হিৰে সমষ্টিবাসীৰ হাতত অৰ্পণ কৰা হৈছে৷ অখিল গগৈ কাৰামুক্ত হোৱাৰ পাছতো কাৰ্যনিৰ্বাহ কৰি থাকিব এই তিনিখন সমিতিয়ে৷

ৰাইজৰ দলৰ ভৱিষ্যতৰ সকলো নিৰ্বাচিত জনপ্ৰতিনিধিয়ে বিকেন্দ্ৰীকৰণৰ জৰিয়তে কৰিব লাগিব ক্ষমতাৰ হস্তান্তৰকৰণ৷ শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কাৰণে বিধায়ক অখিল গগৈয়ে তিনিখন বিশেষ সমিতি গঠন কৰিছে৷ এই সমিতি তিনিখন হ’ল সমষ্টি পৰিচালনা সমিতি, সমস্যা চিনাক্তকৰণ সমিতি আৰু পৰ্যটন উন্নয়ন উপদেষ্টা সমিতি৷

এক কথাত ক’বলৈ গ’লে বিধায়কৰ হাতত থকা সমষ্টিৰ উন্নয়নৰ সকলো ক্ষমতাৰ ৱাৰ্ড পৰ্যন্ত পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰা হৈছে৷ তিনিওখন সমিতিৰ নিৰ্দিষ্ট পৰিচালনা নীতি নিৰ্ধাৰণ কৰা হৈছে৷ সেই অনুসৰি সমষ্টি পৰিচালনা সমিতিয়ে বিধায়কগৰাকীক সমষ্টি উন্নয়নৰ সকলো দিশত সহায়-সহযোগ, দিশ নিৰ্ণয় আৰু পৰামৰ্শ প্ৰদান কৰিব৷

১ জুন, ২০২১ৰ পৰা কাৰ্যকৰী হোৱা এই সমিতিৰ কাৰ্যকাল এবছৰীয়া হ’ব৷ এই সমিতিয়ে সমষ্টিবাসীৰ সকলো সমস্যাৰ বুজ ল’ব আৰু সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব৷ এই সমিতিৰ কোনো সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ থাকিলে আৰু অভিযোগৰ প্ৰমাণ পালে তেখেতক দায়িত্বৰ পৰা অব্যাহতি দিয়া হ’ব৷

সমষ্টি পৰিচালনা সমিতিখনে বিধায়কগৰাকীৰ প্ৰতিদিনৰ কাম-কাজ তদাৰক কৰিব৷ সমিতিৰ সকলো সদস্যৰ লগত আলোচনাৰ মাধ্যমেৰে বিধায়কে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব৷ এই সমিতিত প্ৰতিখন পঞ্চায়ত আৰু পৌৰসভাৰ পৰা প্ৰতিনিধি লোৱা হৈছে৷

অন্যহাতে সমষ্টি সমস্যা চিনাক্তকৰণ সমিতিখনৰ সদস্যই নিজা স্থানীয় এলেকাসমূহ পৰিদৰ্শন কৰিব আৰু স্থানীয় ৰাইজৰ লগত আলোচনাৰ মাধ্যমেৰে সংশ্লিষ্ট এলেকাৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিব৷ এই সমস্যাসমূহৰ ভিতৰত স্বাস্থ্যসেৱা, বান-গৰাখহনীয়া, শিক্ষাসেৱা আদিকে ধৰি সকলো সমস্যা চিনাক্তকৰণ কৰা হ’ব৷ সমিতিখনে সমস্যাসমূহ চিনাক্তকৰণ কৰি তাৰ বিশদ প্ৰতিবেদন বিধায়কৰ হাতত অৰ্পণ কৰিব৷

আৰু পঢ়কঃ সোণাৰিত বাৰিষাৰ আৰম্ভণিতে পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক

অন্যহাতে শিৱসাগৰক এখন পৰ্যটন নগৰী হিচাপে গঢ়ি তুলিবলৈ গঠন কৰা হৈছে ‘পৰ্যটন উন্নয়ন উপদেষ্টা সমিতি’৷ এই সমিতিয়ে প্ৰতিটো পৰ্যটনক্ষেত্ৰৰ উন্নয়নৰ বাবে সামগ্ৰিক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব৷ এই সমিতিয়ে ১ জুলাই, ২০২১ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব৷ এই প্ৰতিবেদন ওপৰত ভিত্তি কৰি শিৱসাগৰৰ সকলো পৰ্যটনক্ষেত্ৰৰ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply