নিউজ ডেস্ক: আজিৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই শিৱসাগৰৰ বিধায়ক অখিল গগৈক সদনৰ পৰা বহিস্কাৰ কৰা হয়।
ৰাইজৰ দলৰ বিধায়ক গৰাকীয়ে ৰাজ্যপাল জগদীশ মুখীয়ে সদনক সম্বোধন কৰি ভাষণ প্ৰদান কৰি অৱস্থাত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ১ লাখ চাকৰি সন্দৰ্ভত প্ৰশ্ন কৰাৰ লগতে সদনৰ মজিয়াত প্লে’কাৰ্ড প্ৰদৰ্শন কৰিছিল।
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গগৈক ৰাজ্যপালৰ ভাষণ শেষ হোৱাৰ পিছত বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনাইছিল যদিও তেওঁ ক্ষান্ত নোহোৱাত অধ্যক্ষই অখিল গগৈক সদনৰ পৰা বহিস্কাৰ কৰে।
সদনৰ পৰা বাহিৰলৈ আহি বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত ৰাজ্যপালে ভুল তথ্যৰে নিজৰ দিয়া বুলি অভিযোগ কৰে।
অৱশ্যে ৰাজ্যপালৰ ভাষণ শেষ হোৱাৰ পিছত সদন পুনৰ আৰম্ভ হোৱাত অধ্যক্ষই গগৈৰ ওপৰত থকা বহিস্কাৰ উঠাই লয়।
লগতে পঢ়ক – ডাম্পিং গ্ৰাউণ্ডত পৰিণত দেওপাহাৰ সংৰক্ষিত বনাঞ্চল