গুৱাহাটী : শুকুৰবাৰে পুৱা অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন আৰম্ভ হয়। কৃষক নেতা তথ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক প্ৰটেম সদস্য ফণীভূষণ চৌধুৰীয়ে শপত বাক্য পাঠ কৰালে। মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ লগতে মাজুলীৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ল’লে শপত।

অসম বিধানসভাৰ নৱ নিৰ্বাচিত বিধায়ক সকলৰ শপত পাঠ অনুষ্ঠানত সবাতোকৈ চৰ্চাৰ বিষয়া আছিল কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ বিধায়ক হিচাপে শপত পাঠ কৰাটো। পুৱাৰ ভাগতে এখন বাছেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা কৃষক নেতা তথা ১০৮ নং শিৱসাগৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক বিধানসভালৈ লৈ অনা হয়।

অখিল গগৈৰ লগত আৰক্ষীৰ এটা দলৰ লগতে উপস্থিত থাকে চিকিৎসাৰ এটা দল। ডিঙিত গামোচা লৈ চিকিৎসালয়ৰ পৰা ওলাই আহে অখিল গগৈ। বিধায়ক হিচাপে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে শিৱসাগৰৰ উন্নয়নৰ ধাৰা অটুট থাকিব। উল্লেখ্য যে, শপত গ্ৰহণৰ পিছত চিকিৎসালয়ত উভতাই অনা হ’ব অখিল গগৈক।

লগতে পঢ়ক : মহানগৰীত স্বাস্থ্য বিভাগৰ ঘৰে ঘৰে ক’ভিড পৰীক্ষা অভিযান অব্যাহত

ইফালে কৃষক নেতা তথা শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়ক গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে তেওঁক বিধানসভালৈ আনি থকা সময়ত তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছে। তেওঁক ঠেলা মাৰি চিকিৎসালয়ৰ পৰা ওলাই অনাৰ লগতে বিধানসভাতো তেওঁক ঠেলা মাৰি লৈ যোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply