নিউজ ডেস্ক– নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত সুদীৰ্ঘ পোন্ধৰ মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে ৷ সম্প্ৰতি GMCH ত চিকিৎসাধীন হৈ আছে কৃষক নেতা গৰাকী ৷ ৰাইজৰ দলৰ হৈ শিৱসাগৰ আৰু মৰিয়নি সমষ্টিৰ পৰা গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷
সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে কৃষক নেতা গৰাকীয়ে ৷ কাৰাৰুদ্ধ হৈ থকাৰ লগতে চিকিৎসাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত গগৈয়ে সোমবাৰে GMCH ত তেঁওৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ সেই সময়তে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে ফেচবুকত লিখিছে এটা বিশেষ পোষ্ট।
“এতিয়া বহুতে মোক আইনী সাহাৰ্যৰ বাবে দিয়া পইচা ঘূৰাই বিচাৰিব ধৰিছে। বহু লোকে, আনকি, যাক বন্ধু বুলি জানিছিলোঁ, সেই সকলেও ভাৱে অখিল জেইলত থকা, বেমাৰ হোৱা- এই সকলোবোৰেই অভিনয়। হেণ্ডকাফ লগোৱা, কভিড পজিটিভ-নিগেটিভ লৈ হোৱা কাৰচাজি, ৰাতিয়ে দিল্লীলৈ লৈ যোৱা- সকলো এই অভিনয়ৰ অংশ। মানুহক আবেগিক কৰাৰ এয়বোৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা।’’
কি লিখিছে গীতাশ্ৰী তামুলীয়ে সবিশেষ জানিবলৈ পঢ়ক এই পোষ্টটো-

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply