গুৱাহাটী : দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈ শুকুৰবাৰে ওলাই আহিব কাৰাগাৰৰ পৰা। বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কৃষক নেতা গৰাকী ওলাই আহিব কাৰাগাৰৰ পৰা। কাৰাগাৰৰ পৰা ওলাই বিধানসভাৰ মজিয়ালৈ যাব অখিল গগৈ। শুকুৰবাৰে বিধানসভাত বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব অখিল গগৈয়ে।
“কা” আন্দোলনত সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰা কৃষক নেতা অখিল গগৈ দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ আছে। কাৰাবন্দী অৱস্থাতে অখিল গগৈয়ে অসম বিধানসভা নিৰ্বাচনত ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। শিৱসাগৰবাসী ৰাইজে কাৰাবন্দী কৃষক নেতা গৰাকীক নিৰ্বাচনীত কৰি বিধানসভাৰ মজিয়ালৈ প্ৰেৰণ কৰিছিল।
শিৱসাগৰৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কৃষক নেতা অখিল গগৈ এতিয়া অহা শুকুৰবাৰে কাৰাগাৰৰ পৰা ওলাই আহি বিধানসভাৰ মজিয়াত যাব। শুকুৰবাৰে অখিল গগৈয়ে আনুষ্ঠানিকভাৱে বিধানসভাত উপস্থিত হৈ বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব। বিধানসভাৰ প্ৰটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে শুকুৰবাৰে ১২৬ গৰাকী নৱ নিৰ্বাচিত বিধায়ক সকলক শপত বাক্য পাঠ কৰাব।
লগতে পঢ়ক : আন্তঃগাঠনিৰ অভাৱত বৰপেটাৰ ক’ভিড পৰিস্থিতি নিম্নগামী হোৱাৰ সম্ভাৱনা : মুখ্যমন্ত্ৰী
উল্লেখ্য যে অখিল গগৈ নিয়া গোচৰত বিগত প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ আছে। অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণত উপস্থিত থকাৰ বাবে নিয়াৰ আদালতে অনুমতি প্ৰদান কৰিছিল। বর্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা অখিল গগৈক কাৰাগাৰ কৰ্তৃপক্ষই শুকুৰবাৰে অখিল গগৈক চিকিৎসালয়ৰ পৰা বিধানসভালৈ নিব।