গুৱাহাটী : ১০ কোটি টকাকলৈ যুঁজ অব্যাহত আছে এ আইইউডিএফৰ ধিংৰ বিধায়ক আমিনুল ইছলাম আৰু ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাজত। এইবাৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

শুকুৰবাৰে অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত আমিনুল ইছলামৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ কথা ঘোষণা কৰে। সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, “দীৰ্ঘদিনৰ পিছত জে’লৰ পৰা ওলাইছো, পুনৰ আইনী মেৰপেঁচত সোমাব বিচৰা নাছিলো। আমিনুল ইছলামে মোৰ সততাৰ ওপৰত প্ৰশ্ন তুলিছে। ৰাইজৰ দলৰ ক’ৰ কমিটীৰ বৈঠক, অধিবক্তাৰ লগত কথা পাতি সিদ্ধান্ত লৈছো আদালতৰ দ্বাৰস্থ হ’ম”।

আমিনুল ইছলামৰ অতপালিয়ে সীমা অতিক্ৰম কৰাৰ কাৰণে এতিয়া আদালতৰ দ্বাৰস্থ হ’বলৈ বাধ্য হৈছো বুলিও কয় অখিল গগৈয়ে। ২০২১ ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ১০ কোটি টকা বিচৰা বুলি এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল এআইইউডিএফৰ ধিংৰ আমিনুল ইছলামে। মহাজোঁটৰ পৰা এই ধন আশা কৰিছিল বুলি কৈছিল এআইইউ ডিএফৰ বিধায়কগৰাকীয়ে।

অখিল গগৈয়ে দল গঠনৰ বাবে ১০ কোটি টকা বিচাৰিছিল বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল আমিনুল ইছলামে। আমিনুল ইছলামৰ অভিযোগৰ পিছত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়, “এই কথাটোৰ পৰা আঁতৰি আছিলো। কিন্তু দুৰ্ভাগ্যৰ কথা যে বিধায়ক আমিনুল ইছলামে এনে অপপ্ৰচাৰ এতিয়াও কৰিয়ে আছে। মোৰ সামান্যতমো ইচ্ছা নাছিল যে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে যাও। কাৰণ দীৰ্ঘদিনৰ পাছত মই জেলৰ পৰা ওলাই আহিছিলো”।

লগতে পঢ়ক : স্বাধীনতা দিৱসৰ ব্যস্ততাৰ মাজতে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

অখিল গগৈয়ে লগতে কয় যে গোচৰবোৰৰ পৰা মই মুক্ত হৈ আছো। আকৌ মোৰ ওপৰত এটা গোচৰ তৰক বা মই এটা গোচৰ দিও, এনেধৰণৰ কোনো কামৰ সৈতে জড়িত হ’ব খোজা নাছিলো। কিন্তু বিধায়ক আমিনুল ইছলামে বাৰম্বাৰ মোৰ সততাৰ ওপৰত প্ৰশ্ন তুলিছে, মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি আছে। আমিনুল ইছলামৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হ’ব, জাননী জাৰি কৰা হ’ব বুলি ঘোষণা কৰে অখিল গগৈয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,285 other subscribers

Leave a comment

Leave a Reply