প্ৰায় ডেৰ বছৰ কাল জেলত কটোৱাৰ পিছত পেৰলত দুদিনৰ বাবে মুক্তি পাই আজি পুৱাই যোৰহাটত থকা বৃদ্ধা মাকক লগ পাবৰ বাবে যাত্ৰা কৰিছে অখিল গগৈয়ে । কালি নিশাটো অখিলে কটাই চানমাৰীৰ বাসভৱনত পুত্ৰ আৰু পত্নীৰ সৈতে । দীৰ্ঘদিন ধৰি পুলিচৰ ঠেলা হেঁচাৰ মাজত দেখা পাই পুত্ৰ নাচিকেতা কিছু পৰিমানে মানসিক ভাবে ভাঙি পৰিছিল । যোৱা নিশাটো একেলগে পাৰ কৰি অখিলে কিছু মানসিক শান্তি পোৱা বুলি জনাই । যোৰহাটলৈ যোৱাৰ সময়ত সাংবাদিকৰ আগত অখিল গগৈয়ে কয় যে, ‘পুত্ৰৰ মানসিক অৱস্থা ঠিক নাছিল। নিশাটো ল’ৰাটোৰ লগতে কটালো। আৰক্ষীৰ সৈতে যাবলগীয়া হোৱাত তাক যোৰহাটলৈ লগত লৈ যাব নোৱাৰিলো। এতিয়া দেখি অহাটোৱেই শেষ দেখা হ’ল।
শুকুৰবাৰে নিশা গুৱাহাটীৰ নিজৰাপাৰস্থিৰ নিজা বাসগৃহত উপস্থিত হ’ল অখিল গগৈ। দীৰ্ঘদিনৰ পিছত পত্নী আৰু পুত্ৰক লগপাই আবেগিক হৈ পৰে অখিল গগৈ। নিশাটো গুৱাহাটীৰ ঘৰতে কটাই আজি পুৱা অখিল গগৈ মাতৃক সাক্ষাতৰ বাবে যোৰহাটলৈ ৰাওনা হৈছে। যাত্ৰা পথত অখিল গগৈক বিপুল আদৰণি জনাইছে কৃষকমুক্তি আৰু ৰাইজৰ দলৰ সদস্যসকলে।
প্ৰায় ডেৰ বছৰৰ মূৰত দুদিনৰ বাবে মুকলিৰ জীৱন অতিবাহিত কৰিবলৈ সুবিধা পাইছে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। অসুস্থ মাতৃ আৰু পুত্ৰক সাক্ষাত্ কৰিবলৈ দুদিনৰ বাবে অখিল গগৈক পেৰেলত ঘৰলৈ যাবলৈ দিছে NIA আদালতে। অখিল গগৈ দুৰ্যোগৰ সময়তো পৰিয়ালৰ ভাল খবৰ এটা শ্বেয়াৰ কৰি সাংবাদিকক জনাই যে এই সময়চোৱাতে পত্নী বি বৰুৱা কলেজৰ অধ্যাপক গীতাশ্ৰী তামুলীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ।
লগতে পঢ়ক কাজিৰঙাত পথ দুৰ্ঘটনা! নিহত দুজন