গুৱাহাটী- নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্তত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসমবাসী ৰাইজলৈ পুনৰ লিখিলে মুকলি চিঠি।

পুলিচৰ জিন্মাত অখিল গগৈক কি শাস্তি দিয়া হৈছিল সেই বিষয়েও চিঠিখনত উল্লেখ কৰিলে নেতাগৰাকীয়ে।

পঢ়ক চিঠিখনত কি লিখিছে অখিল গগৈয়ে-

শ্ৰদ্বেয় ৰাইজ,

নিৰ্বাচনৰ বতৰত বিভিন্নজনে মোৰ সম্পৰ্কে বিভিন্নধৰণৰ অপপ্রচাৰ চলোৱা বুলি জানিব পাৰিছো।

সেয়েহে মই আপোনালোকক মোৰ বন্দী জীৱনৰ আচল সত্যবোৰ জনাব খুজিছো ।

১) ১৭ ডিচেম্বৰ, ২০১৯ চনত পুলিচে মোক যোৰহাট জে’লৰ পৰা গতিয়াই-ভুকুৱাই গাড়ীত তুলি যোৰহাট বিমান বন্দৰলৈ আনে ৷

বিমান বন্দৰৰ ভিতৰলৈ অৰ্থাৎ হেলিপেডলৈ গাড়ী সোমোৱাই দিয়া হয়। গাড়ীৰ পৰা নমাৰ লগে লগে কেইজনমান হিন্দীভাষী লোকে মোক পিছফালৰ পৰা ডিঙিত চেপি ধৰে।

হাত দুখন পিছলৈ নি কচি কচি হেণ্ডকাফ বান্ধি এখন হেলিকপ্টাৰত উঠায়। দুয়োহাত পিছফালে বান্ধি অনাত হেলিকপ্টাৰত প্রচণ্ড ৰ’দ আৰু গৰমত মোৰ সমস্ত শৰীৰ ঘামেৰে তিতি যায়।

খং-ক্ষোভত মোৰ দুয়ো চকুৰে চকুলো বাগৰি থাকে।

২) গুৱাহাটীৰ “নিয়া” আদালতত মোক থিয় কৰাই ৰাতি গোপনে আদালতৰ অনুমতি নোলোৱাকৈ বিমানেৰে দিল্লীলৈ নিয়ে।

পুৱতি নিশা (১৮ ডিচেম্বৰ) ৩ মান বজাত “নিয়া”ৰ মুখ্য কাৰ্যালয়ৰ ১ নং লক আপত ভৰাই দিয়ে। এখন লেতেৰা কম্বল, পকী মজিয়া, তাপমাত্ৰ ৩০-৪০ চেলচিয়াছ।

৩) ১৮ ডিচেম্বৰৰ পুৱা ৯ মান বজাৰ পৰা মাৰাথান জেৰা আৰম্ভ কৰে।

৪) জেৰা মানে কেৱল ৰাজনৈতিক বাক্যবাণ ৷ মুছলমানে কেনেকৈ দেশখন খালে, “কা”ৰ জৰিয়তে কেনেকৈ হিন্দু বাংলাদেশী আনি দেশ বচাব খোজা হৈছে, সেইবোৰ বুজনি।

“কা”ৰ বিৰোধিতা কৰা মানে মুছলিমৰ পক্ষ লোৱা আৰু এয়াই দেশদ্ৰোহিতা।

৫) গুৱাহাটীলৈ আহিহে কাকতে-পত্ৰই, সংবাদ মাধ্যমত বাতৰি দেখিহে মই গম পালো মোক মাওবাদীৰ লগত “যোগাযোগ ৰক্ষা কৰাৰ অভিযোগ”তো গ্ৰেপ্তাৰ কৰা হৈছে। জেৰাত মোক এবাৰো সোধা হোৱা নাছিল এই কথা।

৬) প্রথমে হিন্দুত্বৰ জ্ঞান প্ৰদানৰ চেষ্টা।তাৰ পাছত পোনে পোনে প্রলোভন।

৭) মই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (আৰএছএছ)ত যোগ দিব লাগে, লগে লগে জামিন প্রদান কৰা হ’ব।

৮) এনে অপমানজনক প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰচণ্ড যুক্তি-তৰ্ক কৰাত এইবাৰ প্রস্তাৱ আহিল বিজেপিত যোগ দিলেও হ’ব।

বিজেপিত যোগ দি অসমৰ খালী বিধানসভাৰ আসনত নিৰ্বাচন খেলি বিজেপি চৰকাৰৰ মন্ত্ৰী হ’ব লাগে।

মই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ প্রচণ্ড বিৰোধিতা কৰিলো। ফেচিবাদী নীতি আৰু দেশ বিক্ৰীৰ বিৰুদ্ধে যুক্তি দিলো।

৯) মই সংগ্ৰামী জীৱন এৰিব লাগে। ৰাষ্ট্ৰ বিৰোধিতা ত্যাগ কৰিব লাগে, নদীবান্ধৰ আন্দোলন বন্ধ কৰিব লাগে।

“কা” বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা খুজিব লাগে। বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী বাতিলৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে। মই নামানিলো।

১০) মই কৃষক মুক্তি সংগ্ৰাম সমিতি এৰি এন জি অ’ কৰিব লাগে। ধৰ্মান্তকৰণৰ বিৰুদ্ধে, অসমৰ মানুহ খৃষ্টান ধৰ্মলৈ যোৱাৰ বিৰুদ্ধে অভিযান ল’ব লাগে৷ প্ৰথম অভিযানতে ২০ কোটি টকাৰ প্রস্তাৱ।

১১) এইবোৰ একোকে নমনাত সৰ্বশেষত প্রস্তাৱ আহিল অসমৰ মুখ্যমন্ত্ৰী আৰু এজন প্রভাৱশালী মন্ত্ৰীক লগ লগাই দিয়া হ’’ব। মই অমান্তি হ’লো ৷

১২) মই এইবোৰ একোকে নামানিলো।৷ মই ৰাষ্ট্ৰৰ “অবাধ্য নাগৰিক” হৈ গ’লো। তেওঁলোকৰ ওচৰত মই মহা অভিযোগত অভিযুক্ত হ’লো। মোৰ মুক্তিৰ সকলো পথ নিজে ৰুদ্ধ কৰি পেলালো।

১৩) ওপৰৰ চৰ্তবোৰ নামানিলে মোক চৰম ফলাফল (011০ ০০1009600212০)ৰ বুলি ভাবুকি দিয়া হৈছিল।

মৃত্যুৰ ভাবুকি দিয়া হৈছিল। অন্ততঃ ১০ বছৰৰ কাৰাগাৰৰ ভাবুকি দিয়া হৈছিল। কোৱা হৈছিল, কেৱল মই “হয়” বুলি ক’ব লাগে — ধনে-ধানে মোৰ উভৈনদী হ’ব।

মোক ইমান শাৰীৰিক মানসিক অত্যাচাৰ কৰা হৈছিল যে ২০ ডিচেম্বৰৰ ৰাতি মই অস্থিৰ হৈ গৈছিলো৷ সমগ্ৰ ৰাতি দহবাৰ মান টয়লেটলৈ গৈছিলো, জীৱনৰ মোহ হেৰাই গৈছিল। কেনেকৈ যে নিজক সম্বৰণ কৰিলো!

১৪) মই তেওঁলোকৰ কোনো প্রস্তাৱ নামানিলো। ফলাফল হ’লগৈ ইটোৰ পিছত সিটো গোচৰ। ফলাফল হ’লগৈ জামিন পালেও উচ্চতৰ ন্যায়ালয়ত জামিন খাৰিজ কৰা হ’ল। মোক কোৱা হৈছিল — মোক জে’লৰ পৰা ওলাবলৈ দিয়া নহ’ব।

চৰকাৰৰ মতেই শেষ সিদ্ধান্ত হ’ব। হ’লো তাকেই। এতিয়াও মই বন্দী। মোৰ মুক্তিৰ পথবোৰ জোৰকৈ ৰুদ্ধ কৰা হ’ল। মই এতিয়া শাৰীৰিকভাৱে সম্পূৰ্ণ বিধ্বস্ত।

মোৰ পৰিয়াল মোটামুটিভাৱে ধ্বংস হ’ল।“কা” বিৰোধী আন্দোলনো বন্ধ, বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনো প্ৰায় শেষ, টোলগেট কেইখনো খুলিল। নিৰ্বাচনতো মই ভূমিকা লোৱাৰ সুযোগ নাপালো।

১৫) এতিয়া কোনো কোনোৱে কৈছে মই বিজেপিৰ পক্ষ লৈছো। মাতৃ ভূমিৰ শপত, মই আছো জনতাৰ পক্ষত।

মই সাম্প্ৰদায়িক বিজেপিৰ পক্ষ কোনো দিনে ল’ব নোৱাৰিম। বিজেপিক উৎখাত কৰাটো মোৰ জীৱনৰ এটা অন্যতম লক্ষ্য শেষ বিচাৰৰ দায়িত্ব ৰাইজৰ হাতত এৰিলো।

আপোনালোকে নিশ্চয় অসম, অসমীয়া জাতি আৰু জনগণৰ পক্ষত সিদ্ধান্ত ল’ব। কিন্তু বাৰম্বাৰ কওঁ, ভুলতো বিজেপিক ভোট নিদিব।

শিৱসাগৰবাসীয়ে নিশ্চয় মোক মুক্ত আকাশৰ তললৈ উলিয়াই আনিব। গভীৰ প্ৰত্যাশাৰে মই আপোনালোকৰ সিদ্ধান্তৰ বাবে ৰৈ আছে।

ধন্যবাদেৰে,অখিল গগৈ

সভাপতি, ৰাইজৰ দল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,284 other subscribers

Leave a comment

Leave a Reply