নিউজ ডেস্ক- অসমবাসী ৰাইজলৈ নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰেৰণ কৰিলে মুকলি চিঠি।
বিজেপি বিৰোধী আৰু “কা” বিৰোধী আটাইতকৈ সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীক ২০২১ ৰ নিৰ্বাচনত ভোট দি অসম বচাবলৈ কাৰাগাৰৰ পৰাই আহ্বান জনালে কৃষক নেতাগৰাকীয়ে।
২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবৰ বাবে ‘ৰাইজৰ দল’ৰ হৈ অখিল গগৈয়ে অসমৰ সকলো ৰাজনৈতিক দলক অনুৰোধ জনাই যে সকলো গণতান্ত্ৰিক ৰাজনৈতিকদল একেলগ হ’ব লাগে।
আৰু পঢ়কঃ ক’ভিড ভেকচিন লোৱাৰ এদিনৰ পাছতেই ক’ৰোনাত আক্ৰান্ত পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান
সকলো ৰাজনৈতিক দলে মিলি বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী দিব লাগে। এটা সমষ্টিত এজন বিৰোধীৰ প্ৰাৰ্থী, যাতে “কা” বিৰোধী আৰু বিজেপি বিৰোধী সকলো ৰাইজ এঁক্যৱদ্ধ হৈ এটা স্থানত ভোটদান কৰিব পাৰে। অসমৰ স্বাভিমান ৰক্ষা কৰিবলৈ আৰু অসমবাসীৰ স্বাৰ্থক সুৰক্ষা দিবলৈ বিজেপিক পৰাভূত কৰাটো অপৰিহাৰ্য্য বুলি কৃষক নেতা গৰাকীয়ে পত্ৰৰ যোগেদি উল্লেখ কৰে।
বিজেপি মিত্ৰজোঁটবিৰোধী আটাইতকৈ শক্তিশালী প্রাৰ্থীজনক বাচি উলিয়াই শক্তিশালী প্ৰাৰ্থীয়ে বিজেপিক পৰাভূত কৰিব পাৰিব, তেওঁকে ৰাইজক ভোট দিবলৈ আহ্বান জনাই অখিল গগৈয়ে।