পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অখিল গগৈৰ মাতৃয়ে
পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অখিল গগৈৰ মাতৃয়ে

শিৱসাগৰ– পুত্ৰৰ হৈ মাতৃয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। শিৱসাগৰৰ ৰংঘৰ চাৰিআলিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল’লে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে।

শিৱসাগৰ বিধানসভা সমষ্টিত নিৰ্বাচনী যুজঁ এইবাৰ আকৰ্ষণ হৈ পৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ সুৰভি ৰাজকুমাৰী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ শুভ্ৰমিত গগৈৰ লগতে নৱ গঠিত ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী হিচাপে ১০৮নং সমষ্টিৰ প্ৰাৰ্থী হৈছে কৃষক নেতা অখিল গগৈ।

অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত শিৱসাগৰত উপস্থিত হয় অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ।

অখিল গগৈৰ মাতৃয়ে শিৱসাগৰৰ সমষ্টিৰ প্ৰতি ঘৰে ঘৰে উপস্থিত হৈ অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই পুত্ৰৰ কাৰণে ভোটদান কৰিবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply