অসমত আকৌ জেহাদী সংগঠনৰ লিংকমেন গ্ৰেপ্তাৰ হৈছে। অল-কায়দাৰ ৫ লিংকমেনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫ জেহাদী লিংকমেনক।
ইয়াৰে এটা লিংকমেন বাংলাদেশী বুলি চিনাক্ত কৰা হৈছে। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি শিক্ষকতা কৰি আছিল লিংকমেনটোৱে।


মহম্মদ সুমন ওৰফে চাইফুল ইছলাম ওৰফে হাৰুন ৰচিদ নামৰ জেহাদীটো বাংলাদেশৰ নাৰায়নগঞ্জ জিলাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
ধৃত আনকেইটা লিংকমেন ক্ৰমে- খাইৰুল ইছলাম, বাদশ্বাহ চুলেইমান খান, নৌচাদ আলী আৰু তাইমুৰ ৰহমান খান।

জেহাদী সংগঠনৰ ৫ লিংকমেন গ্ৰেপ্তাৰ


কলগাছিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে আটাইকেইটা জেহাদী লিংকমেনক। বৰপেটা থানাত এটা গোচৰ( গোচৰ নং ২৬৮/২০২২ ) ৰুজু কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply