আমিনগাঁও : ৩৫২ বছৰীয়া ইতিহাস সোঁৱৰি কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি আলাবৈ ৰণৰ স্মৃতি দিৱস ৰাজ্যিক ভিত্তিত দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হয়৷ অসম চৰকাৰৰ নৱ গঠিত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনৰ অসম প্ৰত্নতত্ত্ব সঞ্চলকালয়ৰ উদ্যোগত তথা কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্ণেলিষ্ট ফ’ৰামৰ সহযোগত আয়োজিত এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, ক্ৰীড়া আৰু যুৱকল্যাণ, শক্তি আদি বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথিৰূপে উপস্থিত থাকে৷
সভাত ভাষণ প্ৰসংগত মন্ত্ৰী বিমল বৰাই কয় যে জাতীয় জীৱনৰ স্বাভিমানৰ পৰিচায়ক আলাবৈ ৰণৰ ঐতিহ্য-শৌয্য-বীৰ্যক আধাৰ হিচাপে লৈ নতুন প্ৰজন্মক আগুৱাই আনিব লাগিব৷ ১৬৬৯ চনৰ ৫ আগষ্টত সংঘটিত এই যুদ্ধৰ কৰুণ স্মৃতিয়ে আহোম সৈন্যৰ প্ৰতিশোধৰ দাবানলক শক্তিশালী ৰূপত গঢ় দিছিল আৰু শৰাইঘাটৰ ৰণত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম কৰাইছিল৷ তেওঁ আৰু কয় যে দৰঙী, দাঁতিয়াল, গাৰো, তিৱা, নগা, দেউৰী, মিছিং আদি ফৈদৰ সৈন্যৰে গঠিত আলাবৈ ৰণৰ আহোম সেনানী স্বৰ্গদেউ চুকাফাৰ একত্ৰীকৰণ প্ৰচেষ্টাৰ প্ৰতীক৷ আজিৰ প্ৰশাসন ব্যৱস্থাক আগুৱাই নিয়াত এই দিশসমূহক আধাৰ কৰি ল’ব পাৰি৷
আলাবৈ ৰণৰ অভিজ্ঞতাৰে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা শৰাইঘাটৰ যুদ্ধ কেবল স্থানীয় যুদ্ধ নাছিল, বৰঞ্চ এই যুদ্ধই মোগলৰ সম্প্ৰসাৰণবাদী চিন্তাক স্তব্ধ কৰিছিল বুলিও তেওঁ উল্লেখ কৰে৷ এই স্মৃতিৰ সোঁৱৰণেৰে বৰ্তমানৰ প্ৰজন্মই সাহস, প্ৰেৰণা, বল, বুদ্ধিৰে শক্তিশালী ৰূপত গঢ় লৈ উঠিব পৰাকৈ বিশেষ গুৰুত্ব সহকাৰে এই ঐতিহ্য সংৰক্ষণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷ সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।
মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে য়ে কয় যে আলাবৈ ৰণ, পথৰুঘাট, ঢেকিয়াজুলী, বিনিময় প্ৰথাৰে গোলকীয়কৰণৰ আদৰ্শ তাহানিতে প্ৰতিষ্ঠা কৰা জোনবিল মেলা আদি অসম বুৰঞ্জীৰ বহু সোণসেৰীয়া ইতিহাসে এতিয়াও প্ৰাপ্য খ্যাতি অৰ্জন কৰা নাই৷ অসমৰ দৰে সৰু দেশ এখনত শত্ৰুক ভেটা দিয়াৰ স্বাৰ্থত একেদিনাই ১০ হাজাৰ সৈন্য ৰণত পৰাটো পৃথিৱীতে বিৰল ঘটনা৷ আলাবৈ ৰণৰ গৱেষণাই নতুন দিশ উন্মোচিত কৰিব বুলি উল্লেখ কৰি এনে ক্ষেত্ৰসমূহত মাননি প্ৰদানেৰে গৱেষণা আৰম্ভ কৰিবলৈ বিভাগীয় মন্ত্ৰীক পৰামৰ্শ আগবঢ়ায়৷ লগতে এনে চিন্তাৰ আঁত ধৰি অসমৰ ঐতিহ্য পৰম্পৰাক সংৰক্ষণৰ বাবে আছুতীয়া বিভাগ সৃষ্টি কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে৷
অনুষ্ঠানত বিশেষ বক্তা ৰূপে উপস্থিত থাকি আমন্ত্ৰিত অতিথিৰ আসনৰ পৰা বিশিষ্ট শিক্ষাবিদ ড॰ দয়ানন্দ পাঠকে ইতিহাস চেতনা সমাজৰ উত্তৰণৰ এক নম্বৰ উপাদান বুলি উল্লেখ কৰি কয় যে আলাবৈ ৰণৰ দৰে ইতিহাসৰ এই অনবদ্য সমলসমূহ সম্পৰ্কত গৱেষণা কৰিবৰ বাবে বিভাগীয়ভাৱে অনুপ্ৰেৰণা যোগোৱাৰ পদক্ষেপ ল’ব লাগে৷ তেওঁ আলাবৈ ৰণৰ সবিশেষ তথ্য সম্পৰ্কত বিতংভাৱে অৱলোকন কৰে আৰু এই ৰণৰ স্মৃতি ৰক্ষাৰ গুৰুত্বৰ ওপৰতো ব্যাখ্যা আগবঢ়ায়৷ তেওঁ কয় যে আলাবৈ ৰণে শৰাইঘাটৰ ৰণৰ পাতনি মেলিছিল। শৰাইঘাটৰ যুদ্ধৰ বিজয়ে মোগলৰ তলতীয়া অন্য ৰাজ্যসমূহকো স্বাধীন হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল আৰু এনেদৰে মোগল সাম্ৰাজ্যৰ মেৰুদণ্ডত জোকাৰণি তুলিবলৈ সক্ষম হৈছিল৷ তেওঁ আলাবৈ ৰণথলিৰ খননে এই যুদ্ধত ব্যৱহৃত অস্ত্ৰ আদিৰো সন্ধান দিব বুলি কয়৷ তদুপৰি আলাবৈৰ ৰণৰ স্মৃতি ৰক্ষাৰ্থে আৱণ্টিত ভূমিত আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ চিন্তা কৰিব পাৰি বুলি উল্লেখ কৰি এই ত্যাগ আৰু বীৰত্বৰ স্মৃতি সম্পৰ্কে উঠি অহা প্ৰজন্মক অৱগত কৰিবলৈ পাঠ্যক্ৰমত ইয়াৰ পাঠ অন্তৰ্ভুক্ত কৰাৰ বাবেও দৃষ্টি আকৰ্ষণ কৰে৷
লগতে পঢ়ক : ৰাজ্য চৰকাৰ, নাবার্ড আৰু আইফাৰ মাজত স্বাক্ষৰিত হ’ল বুজাবুজিৰ চুক্তি
আলাবৈ ৰণৰ স্মৃতি দিৱস আয়োজনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তই সভাত আলাবৈ ৰণ আহোম সেনাৰ ত্যাগৰ পৰিচায়ক বুলি উল্লেখ কৰে৷ আনহাতে ২০০৫ চনৰ পৰা শৰাইঘাট জাৰ্ণেলিষ্ট ফ’ৰামৰ উদ্যোগত স্থানীয়ভাৱে পালন কৰি অহা আলাবৈ ৰণৰ স্মৃতি দিৱসে চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰালৈকে এই ১৭ বছৰীয়া যাত্ৰা সম্পৰ্কত অৱলোকন কৰে ফ’ৰামৰ সম্পাদক মধুসুদন মেধিয়ে৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেনে আদৰণি ভাষণ প্ৰদান কৰা সভাৰ অন্তত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে প্ৰত্নতত্ত্ব সঞ্চলাকলয়ৰ সঞ্চালক ড॰ দিপীৰেখা কুলীয়ে৷ সভাৰ পূৰ্বে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ কুমাৰ ভাস্কৰবৰ্মা ক্ষেত্ৰত নিৰ্মিত আলাবৈ ৰণৰ স্মৃতিসৌধত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে মন্ত্ৰী বিমল বৰাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে৷