গুৱাহাটী : মহানগৰীৰ জাপৰিগোগত আলি আঃয়ে লৃগাং পালন। মিচিং জনগোষ্ঠীৰ বসন্ত উৎসৱ আলি আঃয়ে লৃগাং পালনকলৈ জাপৰিগোগত দেখিবলৈ পোৱা যায় এক উখল মাখল পৰিৱেশ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং সকলে এই উৎসৱ পালন কৰে।

আলি আঃয়ে লৃগাং উৎসৱক মিচিং জনগোষ্ঠীৰ লোক সকল কঠীয়া সিঁচাৰ আৰম্ভণিৰ উৎসৱ বুলিও অভিহিত কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীৰ জাপৰিনগোগত মিচিং জনগোষ্ঠীৰ লোক সকলৰ এই উৎসৱকলৈ উৎসৱ মুখৰ পৰিৱেশ পৰিলক্ষিত হয়।

মহানগৰী গুৱাহাটীৰ যান্ত্ৰিকতাৰ মাজতো জাপৰিগোগৰ কৃষ্ণ নগৰত মিচিং জনগোষ্ঠীৰ লোক সকলে এই উৎসৱ উদযাপন কৰে নিজৰ কলা-সংস্কৃতিক বৰ্তমান প্ৰজন্মক চিনাকি কৰাই দিয়াৰ লগতে এই উৎসৱ জীয়াই ৰখাৰ উদ্দেশ্যে মহানগৰী গুৱাহাটীত বসবাস কৰা মিচিং লোক সকলে উদযাপন কৰে এই উৎসৱ।

লগতে পঢ়ক- লালকিল্লাত কৃষকৰ ধ্বজা উৰুৱাই গ্ৰেপ্তাৰ হোৱা পাঞ্জাবী অভিনেতা দীপ সিদ্ধুৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply