স্মৃতি প্ৰিয়া লাহন, টীয়ক: সমগ্ৰ ৰাজ্যৰ লগতে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লিগাং উদযাপন কৰিছে মিচিং সকলে। টীয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত টীয়কৰ এফ আৰ ইউৰ সমীপত মিচিং কৃষ্টি সমিতিয়ে আলি আই লিগাং উদযাপন কৰিছে।
পতাকা উত্তোলন,স্মৃতি তৰ্পণকে ধৰি ধৰ্মীয় নীতি নিয়মৰ মাজেদি বীজ সিচা কাৰ্যসূচী পালন কৰাৰ পাছতে উক্ত স্থানতে এখনি মুকলি সভা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুস্থিত কৰে।
পিতাম্বৰ মিলিৰ সভাপতিত্বত তথা উপদেষ্টা ভৱকান্ত টাহু আৰু সম্পাদক সঞ্জীৱ পেগুৱে আতধৰা এই মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে টীয়ক আৰক্ষী থানাৰ আৰক্ষী বিষয়া মনজিত পেগু,টীয়ক এফ আৰ ইউৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা° দুলুমণি কলিতা,যুৱ সমাজকৰ্মী তুলতুল হাজৰিকা শিল্পীশিল্পী বসুন্ধৰা টাই,উপদেষ্টা ভৱকান্ত টাহু, কাৰ্তিক পেগু, দুগেৰ্শ্বৰ মিলিকে ধৰি বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
লগতে উক্ত ভূমি স্থায়ী মৰংঘৰ নিৰ্মাণ কৰি মিচিং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।