গুমৰাগ গুমৰাগ , কেক’নলক গুমৰাগ
গুমৰাগ গুমৰাগ কেক’নচক গুমৰাগ।
আজি আলি আয়ে লৃগাং।
ৰাজ্যজুৰি আজি মিচিংজনগোষ্ঠী লোক সকলৰ অতিকে আপোন লৃগাংৰ বাবে আজি চৌদিশে এতিয়া গুমৰাগ নৃত্য। ঐনিতমৰ সুৰেৰে মুখৰিত হৈ পৰিছে মিছিং অধ্যুষিত অঞ্চল সমূহ।
ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন কৰি আহিছে আলি আ:য়ে লৃগাং। ৰিবি গাচেং পিন্ধি নাচনীৰ ৰবলৈ সময় নাইকিয়া হৈ পৰিছে, মিৰি জীয়ৰী দেশৰ কনেঙ সকলে ।
আলি আয়ে লৃগাংত
কি ডেকা-গাভৰু, কি বুঢ়া- বুঢ়ী সকলো ব্যস্ত এতিয়া লৃগাঙত।
মিচিং সম্প্ৰদায় লোকে কৃষিজীৱী উৎসৱ আলি আয়ে লৃগাং উদযাপন কৰিছে অসমৰ ভিন্ন প্ৰান্তত।
লখিমপুৰ জিলাৰ ঘূণাসুঁতিতো বিশেষ কাৰ্যসূচীৰে পালন কৰিছে আলি আয়ে লৃগাং।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply