গোলাঘাট : আকৌ আহিছে মা‌য়াসনা ফাগুন । ফাগুনক লৈ বিশেষ ভাৱে অপেক্ষাৰত অসমৰ খিলঞ্জীয়া ভূমিপূত্ৰ মিচিংসকল ।

কিয়নো ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপিত হয় বৃহত্তৰ মিছিং জনগোষ্ঠীটোৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খুমটাইৰ সমীপৱৰ্তী বোকাখাট সমষ্টিৰ ৰঙাগড়াতো চলিছে হেঁপাহৰ উৎসৱটি আয়োজনৰ ব্যাপক প্ৰস্তুতি চলিছে ।

পৰম্পৰাগত সকলোবোৰ নীতি-নিয়মৰ মাজেৰে চলাইছে পূৰ্ণ প্ৰস্তুতি । ৰঙাগড়া ৰাজহুৱা খেলপথাৰত মু্ৰং ঘৰ নিৰ্মাণ কৰি তাৰ বাকৰিত কৰিছে গুমৰাগ নৃত্যৰ আখৰা ।

ইয়াৰোপৰি মিচিংসকলৰ পৰম্পৰাগত সকলো প্ৰকাৰৰ খাদ্যসম্ভাৰো কৰিছে সাজু ।

লগতে পঢ়কঃলখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত পুনৰ অৰুণাচলীৰ তাণ্ডৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply