সদৌ অসম আদিবাসী ক’ল সমাজ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু লাহোৱাল, টিংখাং, মৰাণ আঞ্চলিক আৰু সমূহ প্ৰাথমিক গোটৰ সহযোগত মৰাণৰ খোৱাঙত সংগ্ৰামী নেতা প্ৰয়াত গংগাৰাম ক’লৰ নৱম বাৰ্ষিক শ্বহীদ দিৱস পালন কৰে ।
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম আদিবাসী ক’ল সমাজৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বন্তি প্ৰজ্বলন, বৃক্ষ ৰূপনৰ লগতে এখন মুকলি সভাও অনুষ্ঠিত হয় ।
উক্ত অনুষ্ঠানৰ পৰাই সংগ্ৰামী নেতা প্ৰয়াত গংগাৰাম ক’লৰ হত্যাকাৰীক চিনাক্ত কৰি শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ বাবে অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।