গুৱাহাটী: অ’ল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় যে অহা ১ আগষ্টৰ পৰা একাংশ সংগঠনে অ’লা আৰু উবেৰ বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সংবাদ মাধ্যমযোগে প্ৰচাৰ হৈ থকা কথাটো সত্য নহয় | অল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নে অলা আৰু উবেৰৰ ওপৰত কোনো ধৰণৰ বন্ধ বা বৰ্জন কৰাৰ কথা ঘোষণা এতিয়ালৈকে কৰা নাই।

সংগঠনটোৰ সভাপতি ইছমাইল আলি আৰু সম্পাদক দেবজিত ডেকা স্বাক্ষৰিত বিবৃতিটোত কয়,”পূৰ্বৰ দৰে অনলাইন কেবসমূহে ৰাইজৰ মাজত সেৱা আগবঢ়াই থাকিব।দুবছৰৰ আগতে অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে পাছ হাজাৰ গাড়ী অ’লা আৰু উবেৰৰ পৰা আতৰি গৈ লা কেব্ নামৰ প্ৰতিষ্ঠানটো লৈ গৈছিল কিন্তু লা কেব্ নামৰ প্ৰতিষ্ঠানটোৱে ৰাইজক সেৱা আগবঢ়াবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।

তাৰ চালকখিনিৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰাত আকৌ অ’লা উবেৰলৈ বাহন সমূহ উভতি আহিবলৈ বাধ্য হয়।সেই একেটা কাৰ্যকেই পুনৰ অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে কৰিবলৈ গৈ আছে।ইয়াৰ দ্বাৰা আমি এইটোৱেই বুজিব লাগিব যে, নিশ্চিতভাৱে নতুন কোম্পানীবোৰৰ লগত গোপন বুজা বুজিৰ কথা নিহিত হৈ আছে।

আমি সকলো কথা স্পষ্টভাবে জনাব বিচাৰো যে, আমি কোনো প্ৰতিষ্ঠান বা সংগঠনৰ পক্ষপাতি বা বিৰোধীতা কৰা নাই ।আমি মাথোঁ আমাৰ স্থিতি হে ৰাইজক অৱগত কৰিলোঁ কাৰণ অহা ১ আগষ্ট তাৰিখৰ পৰা অ’লা আৰু উবেৰ বৰ্জন বা বন্ধ কাৰ্যসূচীত আমি কোনো ধৰণৰ সমৰ্থন সহযোগ বা সমৰ্থন আগবঢ়োৱা নাই।”

লগতে পঢ়ক আপুনি জানেনে উত্তৰ-পূব কিয় জৈৱ বৈচিত্ৰৰ হটস্পট?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply