গুৱাহাটীঃ কোভিদৰ ভয়াবহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰোগীসকলক বিভিন্ন সেৱাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ সাহায্য প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ব্যাপক সহাৰি অহা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত সদৌ অসম সমবায় বিষয়া সন্থায়ো প্ৰদৰ্শন কৰিছে দায়িত্ববোধৰ পৰিচয়।
সেইমৰ্মে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বিষয়াসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
আৰু পঢ়কঃ চৰকাৰী কৰ্মচাৰীয়ে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্যপুঁজিলৈ আগবঢ়াব
এই ঘোষণাৰ কথা সংবাদ মাধ্যমক অৱগত কৰিছে সন্থাৰ সভাপতি আতিকুৰ ৰহমান আৰু সাধাৰণ সম্পাদক ৰাহুল দেৱ গোস্বামীয়ে।
তেওঁলোকে জনোৱামতে সন্থাৰ বিষয়াসকলে এক সৰ্বসন্মত সিদ্ধান্তৰ ভিত্তিত এই কোভিড সৃষ্ট পৰিৱেশটোত চৰকাৰক কিছু সকাহ দিবলৈ মন কৰিছে।
সেই অনুসাৰে তেওঁলোকৰ ইচ্ছা সম্পৰ্কত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী অতুল বৰাকো বাৰ্তা প্ৰেৰণ কৰিছে সন্থাৰ তৰফৰ পৰা। লগতে অসমৰ কোভিড পৰিস্থিতি সোনকালে উপশম হোৱাৰ প্ৰাৰ্থনা কৰিছে সদৌ অসম সমবায় বিষয়া সন্থাই।