সোণাৰি: যােৱা ৩০ জানুৱাৰীত অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগে নিযুক্তি প্রদান কৰা ৪৫১১ জন শিক্ষকৰ নিযুক্তিৰ বিসংগতি আজিও সমাধান নােহােৱাত তীব্র অসন্তুষ্টি প্রকাশ কৰিছে সদৌ অসম কৰ্মৰত অতিৰিক্ত প্রাথমিক , উচ্চ – প্রাথমিক শিক্ষক সন্থাই ।
সন্থাৰ সভাপতি নীলমণি নাথ আৰু সাধাৰণ সম্পাদক দিলীপ তাঁতীয়ে আজি প্রেৰণ কৰা এক প্ৰছ বিবৃতিত উল্লেখ কৰে যে , ১৯৯১-২০০১ চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্রাপ্ত কর্মৰত হৈ থকা প্রায় ১২ হাজাৰ শিক্ষকৰ চাকৰিৰ বৈধতাৰ বাবে স্ক্রিনিং কমিটিৰ দ্বাৰা নথি – পত্ৰ পৰীক্ষা কৰােৱাই কমিটি প্রতিবেদনৰ ভিত্তিত যােৱা ৩০ জানুৱাৰীত গুৱাহাটী খানাপাৰা ভেটেনেৰী খেলপথাৰত অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগে ৪৫১১ জনক শিক্ষক আৰু টিউটৰ হিচাপে নিযুক্তি প্রদান কৰি দীর্ঘদিনীয়া সমস্যাটোৰ এটা স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও স্ক্রিনিং কমিটিৰ ভুল প্রতিবেদনৰ বাবে নিযুক্তি প্রক্রিয়াটোত বহু প্রশিক্ষণ প্রাপ্ত শিক্ষকক টিউটৰৰ তালিকাত আৰু বহু অপ্রশিক্ষণ প্রাপ্ত সকলক শিক্ষকৰ তালিকাত তালিকাভুক্ত কৰি নিযুক্তি প্রদান কৰা হ’ল ।

তাৰােপৰি শিৱসাগৰকে ধৰি অসমৰ বহু জিলাত বহু যােগ্য শিক্ষকক নিয়মীয়াকৰণৰ তালিকাত অন্তর্ভূক্ত কৰা নহ’ল লগতে নিযুক্তি পােৱা সকলৰ নিযুক্তিপত্ৰত বিভিন্ন নামৰ বিসংগতি , বিদ্যালয়ৰ নামৰ বিসংগতিৰ লগতে বিদ্যালয় সংলগ্নকৰণৰ বিসংগতিৰ সংশােধনৰ কামসমূহ আজিৰ তাৰিখলৈকে সম্পূর্ণ হৈ নুঠাত সন্থাই তীব্র অসন্তোষ্টি প্রকাশ কৰিছে ।
বিবৃত্তিটোৰ যোগেদি সন্থাই লগতে জনায় যে , উক্ত নিযুক্তি প্রক্রিয়াটোত জড়িত হৈ থকা বিষয়া – কৰ্মচাৰীয়ে কৰা ভুলৰ বাবে শিক্ষকসকলক হাৰাশাস্তি কৰা কাৰ্য সম্পূর্ণ আইন বিৰুদ্ধ । যিহেতু ভুলকৈ কাম কৰা বিষয়া কৰ্মচাৰীৰ বেতন বন্ধ নকৰি নিযুক্তি লাভ কৰা শিক্ষক সকলৰ বেতন বন্ধ কৰা কাৰ্য কেতিয়াও গ্রহণযােগ্য হব নােৱাৰে ।
সন্থাই অতি সােনকালে শিক্ষকসকলৰ উক্ত সমস্যাসমূহ সমাধান কৰি নিয়মীয়া দৰমহা আদায় দিয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্রী , শিক্ষামন্ত্রী আৰু বিভাগলৈ সন্থাৰ তৰফৰ পৰা পুনৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি প্ৰেছ বিবৃতিটোত জানিবলৈ দিছে ।
লগতে পঢ়ক ক’ভিডত স্বামীহাৰা মহিলালৈ আৰ্থিক সকাহ