গাহৰি পোহাৰ বাবে এঘৰীয়া কৰা মৃণালী শইকীয়া

নিউজ ডেস্ক: সমাজ জীৱনৰ নীতি নিয়মৰ দোহাই দি শংকৰদেব সংঘৰ লগতে বিভিন্ন ধাৰ্মিক তথা সামাজিক সংগঠনে কেতবোৰ নিষেধাজ্ঞা দি অহা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে সদৌ অসম গাহৰি পালক সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াই । সন্থাই সংগঠনবোৰৰ ভুমিকাই অসমৰ কাম কৰি জীবিকা উপাৰ্জন কৰিব খোজা সকলক বাৰুকৈয়ে সমস্যাত পেলাব বুলি উল্লেখ কৰিছে ।

সদৌ অসম গাহৰি পালক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত ঢেকীয়াল নাথ গাঁৱৰ মৃণালী শইকীয়া নাথৰ বাসগৃহত উপস্থিত হৈ গাহৰি পালন কৰাৰ বাবে শংকৰী সংঘৰ প্ৰাথমিক শাখাই সামাজিক কামত ৰাইজৰ পৰা বিৰত ৰখাৰ যি সিদ্ধান্ত লৈছে সেই
সংক্ৰান্তত এখনি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

উক্ত বৈঠকত কেন্দ্ৰীয় সমিতিৰ হৈ দেৱৰাজ স্বর্গাৰী , কৃষ্ণ নৰহ , ডিব্ৰুগড় জিলা সমিতিৰ প্ৰশান্ত গগৈ ,মাধূৰ্য গগৈ,আৰু ৰত্নজ্যোতি চমুৱা উপষ্ঠিত থাকে ।

গোলাঘাট জিলা গাহৰি পালক সন্থাৰ পৰা দিব্য পৱন বৰা, সুদীপ্ত বৰা,লোহিত গগৈ হিৰণ্য বৰা, দ্বীপেন গগৈ সহ বহুগৰাকী সদস্য উক্ত বৈঠকত উপষ্ঠিত থাকে।

বৈঠকৰ অন্তত সমাজৰ ইমান বাধা নেওচি বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰি যি আদৰ্শ দাঙি ধৰিলে তাৰ বাবে অশেষ ধন্যবাদ জনাই পৰিয়ালটোক ।


নাথ গাওঁ শংকৰ সংঘৰ প্ৰাথমিক শাখাই সামাজিক আৰু ধৰ্মীয় কৰ্মৰ পৰা মৃণালী শইকীয়া নাথৰ পৰিয়ালটোক কিয় বিৰত ৰাখিচে সেই বিষয়ে গোলাঘাট জিলা সংঘৰ সহ. সম্পাদক প্ৰবিত্ৰ নাথৰ গৃহত গৈ আলোচনাত মিলিত হয়।
এই পৰিয়ালটিক সামাজিক ধৰ্মীয় কামৰ পৰা কিয় বিৰত ৰখা হৈছে ,বহুবাৰ ভুক্তভোগী পৰিয়ালটিয়ে আবেদন দিয়াৰ পিচতো একো সিদ্ধান্ত কিয় গ্ৰহণ কৰা হোৱা নাই ইত্যাদি কথাৰে বহু সময় আলোচনাৰ অন্তত পবিত্ৰ নাথে কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ বিষয়ববীয়াক এই কথাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যে অতি কম সময়ৰ ভিতৰত আঞ্চলিক শাখা আৰু প্ৰাথমিক শাখাৰ বিষয়ববীয়াৰ লগত বৈঠকত মিলিত হৈ ইয়াৰ এটা স্থিৰ যোগাত্মক সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব ।

স্বাবলম্বী হোৱাৰ বাবে আজিৰ অসমীয়াই কৰোণাসৃষ্ট পৰিবেশৰ মাজত নিজকে জীয়াই ৰখাৰ সংগ্ৰামত অবতীৰ্ণ হৈছে । বিজ্ঞান সন্মত ভাবে গাহৰী কুকুৰা আদি পুহি নিজে স্বাবলম্বী হোৱাৰ লগতে আন দহজনকো সংস্থাপনৰ ব্যবস্থা কৰিছে । এই কাৰ্যৰ বাবে সমাজৰ পৰা এঘৰীয়া কৰা কাৰ্যৰ বিৰুদ্ধে সমাজ জগাৰ সময় আহি পৰিছে ।

লগতে পঢ়ক আউনীআটী সত্ৰৰ জেষ্ঠ বৈষ্ণৱ, সত্ৰীয়া সংস্কৃতিৰ সাধক ভোলাৰাম বৰা গায়নৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply