নিউজ ডেস্কঃ আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে ১৫ সংখ্যক সদৌ অসম ষ্টেট জুনিয়ৰ ৰেংকিং টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হয়। নুমলীগড় শোধনাগাৰাৰৰ কালিয়নী ক্লাবৰ উদ্যোগত আৰু অসম টেনিছ সন্থাৰ সৌজন্যত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। 

দুই শতাধিক টেনিছ প্ৰতিযোগী, অভিভাৱক আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে অসম টেনিছ সন্থাৰ সম্পাদক অংকুৰ দত্তই৷

সন্থাৰ সম্পাদক গৰাকীয়ে এই প্ৰতিযোগিতা সমূহৰ দ্বাৰা অসমৰ যুৱক-যুৱতী সকলে দেশ তথা বিশ্বৰ ক্ৰীড়া জগতত খোপনি পুতিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, ৫ জানুৱাৰীৰ পৰা ৮ জানুৱাৰী পৰ্যন্ত কুঞ্জকাননৰ কালিয়নী ক্লাবৰ দ্বাৰা অনুস্থিত প্ৰতিযোগিতা শৃংখলাবদ্ধভাৱে সামৰণি পৰাৰ আশা প্ৰকাশ কৰিছে উদযাপন সমিতিৰ সম্পাদক শুভংকৰ নাথে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply