প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যত ক্ৰমাৎ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত এখন নতুন নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনাটোত বিগত ১০ দিনত যিসমূহ জিলাত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩০০ তকৈ অধিক হৈছে তেনে জিলাসমূহত সকলো শিক্ষানুষ্ঠান বন্ধ কৰিবলৈ কোৱা হৈছে।

এই নিৰ্দেশনা ১৫ দিনৰ বাবে বাহাল থাকিব।

আৰু পঢ়কঃবোকাখাত হস্পিতালৰ পৰা কভিড আক্ৰান্তৰ পলায়ন

এই সময়ছোৱাত প্ৰাক-প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত চৰকাৰী আৰু বেচৰকাৰী সকলো স্কুল-কলেজ বন্ধ থাকিব বুলি নিৰ্দেশনাটোত কোৱা হয়।

ইয়াৰ উপৰি উক্ত জিলাসমূহত হোষ্টেল, ক’চিং চেণ্টাৰ সমূহকো এই সময়ছোৱাত বন্ধ ৰাখিবলৈ কোৱা হৈছে।  

অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব বুলি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত-সচিব প্ৰীতম শইকীয়াৰ দ্বাৰা স্বাক্ষৰিত কৰা নিৰ্দেশনাটোত কোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply