গুৱাহাটীঃ দিছপুৰ প্ৰেছ ক্লাবত সৰ্ব ভাৰতীয় ট্ৰাইবেল ষ্টুডেন্ট এছ’চিয়েছন,অসমৰ সংবাদমেল সংবাদমেলত মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা ৷ অসম চৰকাৰে ট্ৰাইবেল সকলৰ সমস্যা সমাধান কৰা নাই ৷
ট্ৰাইবেল সকলৰ সমস্যা সমাধানৰ প্ৰশ্ন উত্থাপন কৰিলেই কৰিলেই লুটি বাগৰ মাৰে চৰকাৰে। ৰাজ্যখনত এতিয়া ট্ৰাইবেল – ননট্ৰাইবেলৰ ৰাজনীতি চলিছে ৷
মুখ্যমন্ত্ৰী ট্ৰাইবেল নোহোৱাৰ বাবেই ট্ৰাইবেলক গুৰুত্ব দিয়া নাই ৷ তাৰে উদাহৰণ কৃতিকমলে ন্যায় পালে কিন্তু বৰচিং টিচোক ফৰেষ্টাৰে গুলীয়াই হত্যা কৰিলে সেয়া মুখ্যমন্ত্ৰীয়ে গুৰুত্বই নিদিলে ৷
এগৰাকী ব্যক্তিক চৰাইৰ দৰে গুলীয়াই হত্যা কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পুলিচ প্ৰশাসনে ৷ কাঠ কটাৰ অনুমতি নিজে প্ৰদান কৰি ৬০০০ টকা লৈ হত্যা কৰিলে বৰচিং টিচো নামৰ এগৰাকী দিন হাজিৰা কৰা ব্যক্তিক ৷
বৰচিং টিচো অহা-যোৱা কৰা বন বিষয়া কেশৱ লস্কৰ, নীলকান্ত নাৰায়ন, দুলাল বৰাই হত্যা কৰিলে বৰচিং টিচোক কিন্তু বাৰ দিনৰ পাছতো ন্যায় পোৱা নাই দুৰ্ভগীয়া পৰিয়ালে ৷
সংবাদমেলত ভুক্তভোগী পৰিয়ালক এটা চৰকাৰী চাকৰি প্ৰদানৰ লগতে ২০ লাখ টকা প্ৰদানৰ দাবী জনালে সৰ্ব ভাৰতীয় ট্ৰাইবেল ষ্টুডেন্ট এছ’চিয়েছন,অসমে।
লগতে পঢ়কঃ৮-১১ মাৰ্চত গুৱাহাটীত আন্তঃজিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা